অসম

assam

By

Published : Jan 16, 2021, 3:31 PM IST

ETV Bharat / state

ন্যায়ৰ দাবীত লংকাত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সত্যৰঞ্জন বৰাৰ

হোজাই জিলাৰ লংকাত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে সত্যৰঞ্জন বৰা আৰু একাংশ ৰাইজে । লংকা থানাৰ সমীপৰ মূল পথ অৱৰোধ কৰি ন্যায়ৰ দাবী জনায় । শুকুৰবাৰে হোজাইৰ লস্কৰ পথাৰত একাংশ লোকে খেদি পঠিয়াইছিল সত্যৰঞ্জন বৰাক ।

লংকাত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সত্যৰঞ্জন বৰাৰ
লংকাত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সত্যৰঞ্জন বৰাৰ

হোজাই,১৬ জানুৱাৰী: শুকুৰবাৰে হোজাইৰ লস্কৰ পথাৰত সংঘটিত হোৱা ঘটনাৰ ন্যায়ৰ দাবীত আজি লংকাত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই । লংকা থানাৰ সমীপৰ মূল পথৰ মাজতে বহি মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে । বৰ্তমান আৰক্ষী, চি আৰ পি এফ, জিলা দণ্ডাধীশ প্ৰতিবাদস্থলীত উপস্থিত হৈ পথ মুকলি কৰিবলৈ সত্যৰঞ্জন বৰাৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ।

লংকাত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সত্যৰঞ্জন বৰাৰ

কিন্তু আৰক্ষীয়ে ঘটনাৰে জড়িত আটাইকেইজন লোকক আটক নকৰা পৰ্যন্ত পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে বৰাই । শুকুৰবাৰে হোজাইৰ তেওঁৰ বাসগৃহৰ পৰা ১ কিঃমিঃ দূৰৰ লস্কৰ পথাৰত এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল বৰা । একাংশ লোকে সেই সময়তে উত্তেজিত হৈ পৰে আৰু তেওঁক সেই স্থানৰ পৰা খেদি পঠিয়ায় ।

এই ঘটনাৰ পিছতে তেওঁ কেইবাজনো লোকৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে যদিও ঘটনাৰে জড়িত আটাইকেইজন লোককে কৰায়ত্ত কৰিবলৈ সত্যৰঞ্জন বৰাই দাবী জনায় ।

লগতে পঢ়ক:নাৰায়ণপুৰত হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ গোটৰ কাৰ্যালয় উদ্বোধন

ABOUT THE AUTHOR

...view details