হোজাই, ১২ জুন: লামডিং-লংকা সংযোগী পথত ভয়ংকৰ ভূমিস্খলন (landslide) । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে । পাহাৰৰ পৰা খহি অহা শিল-মাটিয়ে সম্পূৰ্ণৰূপে আৱৰি পেলাই পথটো । যাৰ বাবে লামডিং অভিমুখী পথটোৰ এটা দিশত সম্প্ৰতি যান-বাহনৰ চলাচল বন্ধ ৰাখিবলগীয়া হৈছে ।
লামডিং-লংকা সংযোগী পথত ভয়ংকৰ ভূমিস্খলন - Assam landslide incident
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্ফলনৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । পাহাৰৰ পৰা খহি অহা শিল-মাটিয়ে সম্পূৰ্ণৰূপে আৱৰি পেলাইছে পথটো । যাৰ বাবে লামডিং অভিমুখী পথটোৰ এটা দিশত সম্প্ৰতি যান-বাহনৰ চলাচল বন্ধ ৰাখিবলগীয়া হৈছে ।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্ফলন
উল্লেখ্য যে, যোৱা নিশা নেৰানেপেৰা বৰষুণৰ ফলতে এই ভূমিস্খলন হোৱা দেখা গৈছে পথটোত । ইতিমধ্যে প্ৰশাসন(administration) তথা বিভাগীয় কৰ্তৃপক্ষই পথটো মুকলি কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে । সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই । ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।