হোজাই, ছেপ্টেম্বৰ 26 :ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ অৱশেষত প্ৰশাসনে বন্ধ কৰিলে হোজাই জিলাৰ লামডিং-লংকা সংযোগী চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ খহি যোৱা পথেৰে যাতায়াত ৷ বুধবাৰে ই টি ভি ভাৰতত সবিস্তাৰে প্ৰকাশ হৈছিল ভূমিস্খলনৰ ফলত খহিযোৱা পথটোৰ বাতৰি ৷
বিগত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ সৃষ্টি হৈছিল লামডিং বনাঞ্চলৰ মাজেৰে ম্যানমাৰ লৈ যোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত ৷ ফলত প্ৰায় দুশ ফুট পৰ্যন্ত তললৈ খহি পৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ কিন্তু প্ৰথমাৱস্থাত দুটা প্ৰকাণ্ড শিল আৰু তেলৰ ড্ৰাম ৰাস্তাৰ মাজত ৰাখিয়েই দায়িত্ব সামৰিছিল প্ৰশাসনে ৷ যাৰ ফলত বৃদ্ধি পাইছিল দুৰ্ঘটনাৰ আশংকা ৷ কিন্তু এই বাতৰি প্ৰকাশৰ পাচতেই এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে হোজাই জিলা প্ৰশাসনে ৷