হোজাই, 30 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছত আৰক্ষীয়ে ভূ-মাফিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ(Operation against Land Mafia) পিছতো যেন ভয় খোৱা নাই একাংশ মাটি দালালে । বিভিন্ন অঞ্চলত এচাম দালালে ভিতৰি ভিতৰি চলাই গৈছে কু-কৰ্ম । এনে এক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ কাকী ডেৰাপথাৰত । বিগত ১০ বছৰৰ পূৰ্বে কাকীৰ ৩নং ডেৰাপথাৰত প্ৰহ্লাদ দেৱনাথ নামৰ এজন লোকে পৰিমল ডালুৰ পৰা ৪ বিঘা ২কঠা মাটি ক্ৰয় কৰিছিল । চাৰিমাহ পূৰ্বে প্ৰহ্লাদ দেৱনাথৰ মৃত্যু হয় ৷
প্ৰহ্লাদ দেৱনাথৰ মৃত্যুৰ পাছত তিনিপুত্ৰ আৰু মাতৃয়ে উক্ত মাটিত বসবাস কৰি আহিছে । কিন্তু, প্ৰহ্লাদ দেৱনাথৰ মৃত্যুৰ পিছৰে পৰা ভয় ভাবুকি খাই জীৱন অতিবাহিত কৰিব লগা হৈছে তেওঁৰ পত্নী সুনতি দেৱনাথ আৰু তিনিপুত্ৰ ক্ৰমে মধুসুধন দেৱনাথ, মনোৰঞ্জন দেৱনাথ আৰু দীপ দেৱনাথে । মৃত প্ৰহ্লাদৰ পত্নী আৰু পুত্ৰই বসবাস কৰি থকা ৩নং ডেৰাপথাৰৰ মাটিৰ দলিল বিচাৰি তিনি মাটি দালালে ধমক দিয়াৰ অভিযোগ উঠিছে ৷