হোজাই, 7 ছেপ্টেম্বৰঃ শুকুৰবাৰে নিশা হোজাই জিলাৰ লস্কৰ পথাৰত ভূমি কেন্দ্ৰিক সংঘাতত তিনি কনিষ্ঠ ভাতৃৰ আক্ৰমণত প্ৰাণ গ'ল জেষ্ঠ ভাতৃৰ । নিহত লোক জন লস্কৰ পথাৰৰ আব্দুল আলী বুলি জানিব পৰা গৈছে ৷
হোজাইত তিনি কনিষ্ঠ ভাতৃৰ আক্ৰমণত জেষ্ঠ ভাতৃৰ মৃত্যু - লংকা আৰক্ষী
ভূমি কেন্দ্ৰিক বিবাদৰ বাবে সংঘাতৰ সূত্ৰপাত হোৱাত জহিৰুল, ৰফিকুল আৰু আশ্বিকুল নামৰ তিনিজন কনিষ্ঠ ভাতৃয়ে জেষ্ঠ ভাতৃ আব্দুল আলীক লাঠিৰে আক্ৰমণ কৰে ৷

হোজাইত তিনি কনিষ্ঠ ভাতৃৰ আক্ৰমণত জেষ্ঠ্য ভাতৃৰ মৃত্যু
হোজাইত তিনি কনিষ্ঠ ভাতৃৰ আক্ৰমণত জেষ্ঠ্য ভাতৃৰ মৃত্যু
অভিযোগ অনুসৰি ভূমি কেন্দ্ৰিক কথাৰ বাবে সংঘাতৰ সূত্ৰপাত হোৱাত জহিৰুল,ৰফিকুল আৰু আশ্বিকুল নামৰ তিনিজন কনিষ্ঠ ভাতৃয়ে জেষ্ঠ ভাতৃ আব্দুল আলীক লাঠিৰে আক্ৰমণ চলাই ৷ ফলত আব্দুল আলীয়ে থিতাতে মৃত্যুক আকোঁৱালি লয় ৷ ইপিনে ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হয় যদিও আৰক্ষীয়ে পলাতক অৱস্থাত থকা তিনিও অভিযুক্তক আটক কৰিবলৈ সক্ষম নহ'ল ৷