হোজাই, 7 নৱেম্বৰ : গৰুখুটিৰ উচ্ছেদৰ পাচত এইবাৰ লামডিং বনাঞ্চলৰ বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ । ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সোমবাৰ আৰু মঙলবাৰে অৰ্থাৎ ৮ আৰু ৯ নৱেম্বৰত দুদিনীয়াকৈ চলিব উচ্ছেদ অভিযান । এই উচ্ছেদক লৈ ইতিমধ্যে হোজাই জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে ৷
ইফালে প্ৰশাসনৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাইছে লামডিং বনাঞ্চলত অবৈধ্যভাৱে বসবাস কৰি থকা লোকসকলে ৷ জানিব পৰা মতে, ইতিমধ্যে লামডিং বনাঞ্চলত অবৈধ্যভাৱে বসবাস কৰি থকা প্ৰায় ৯০% লোকে বনাঞ্চল এৰি হোজাইৰ নখুটি জাংজু বজাৰৰ ঘাইপথৰ কাষত শিবিৰ পাতি অস্থায়ীভাৱে অৱস্থান কৰিছেহি ৷ তথাপিও উচ্ছেদৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে ৷