অসম

assam

ETV Bharat / state

মাফিয়াৰ কবলত লামডিং বনাঞ্চল: নীৰৱ বন বিভাগ - lamding forest

হোজাইত বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ বন মাফিয়াই ৷ লামডিং বনাঞ্চলৰ ভূমি দখলেৰে বন ধ্বংস কৰি সন্ত্ৰাস চলাই যোৱা মাফিয়াসকলক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ কৰা নাই বিভাগটোৰ লগতে স্থানীয় আৰক্ষীয়ে ৷

Lamding forests under the control of Mafia hojai assam etv bharat news
নীৰৱ বন বিভাগ

By

Published : Aug 19, 2020, 12:39 PM IST

হোজাই, 19 আগষ্ট: বন মাফিয়াৰ কবলত হোজাইৰ লামডিং বনাঞ্চল ৷ দীৰ্ঘদিনে অবৈধভাৱে বন ধ্বংসৰ লগতে ভূমি দখল কৰি আহিছে জিলাখনৰ একাংশ বন মাফিয়াই ৷ ৰাজ্যত চলি থকা অবৈধ বন ধ্বংসৰ বিষয়ে সকলো জনাৰ পিছতো নীৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগে ৷ সম্প্ৰতি নামতহে থকা এই বনাঞ্চলৰ অধিকাংশ ভূমি বন মাফিয়াই অবৈধভাৱে দখল কৰি দৈনিক চলাই গৈছে বন ধ্বংস যজ্ঞ ৷

লামডিং বনাঞ্চলৰ ভূমি বেদখল

বন বিভাগৰ নীৰবতাৰ সুযোগ গ্ৰহণ কৰিয়ে হওঁক নাইবা বন বিভাগৰ সৈতে বুজাবুজি কৰিয়ে হওঁক মাফিয়াসকলৰ এই কাৰ্য এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ জিলাখনৰ সচেতন মহলে এই বিষয়ত বন বিভাগৰ হস্তক্ষেপ বিচাৰি বনাঞ্চলৰ ভূমি সংৰক্ষণ কৰাৰ বাবে আহ্বান জনাইছে ৷ ইপিনে বিষয়টো সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মতিউৰ ৰহমানে সমগ্ৰ ঘটনাটোত স্থানীয় বন বিভাগৰ মুখ্য বন বিষয়া গৰাকী জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ৷ ৰহমানে প্ৰকাশ কৰা অনুসৰি,এই বিষয়ত সংগঠনটোৱে লাভ কৰা তথ্যৰ ভিত্তিত পূৰ্বেও বন বিভাগক অভিযোগ দাখিল কৰা হৈছিল যদিও বিভাগে দায়সৰা মন্তব্যৰে বিষয়টোৰ পৰা ফালৰি কাটে ৷ উক্ত ভূমি দখলৰ ঘটনাত হোজাই জিলাৰ বিধায়ক জড়িত বুলিও অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তিৰ হোজাই জিলাৰ সভাপতি গৰাকীয়ে ৷

লগতে চাওকঃকলিয়াবৰৰ শ্ৰীশ্ৰীবৰভকতি সত্ৰত উন্মোচন 'সত্ৰ বৈভৱ'

ABOUT THE AUTHOR

...view details