হোজাই, 15 ছেপ্টেম্বৰ: "কাম কৰে যদি কৰক নকৰে যদি পাইপ ভাঙি পেলাই দিয়ক ৷ হাতীয়ে মানুহ খেদিলেও ইয়াত মানুহে প্ৰাণ বচাবলৈ দৌৰিব নোৱাৰিব ৷ চৰকাৰে বহুত ডাঙৰ ডাঙৰ কাম কৰিছে, এইটো কাম চৰকাৰৰ বাবে তেনেই সাধাৰণ ৷" জলসিঞ্চনৰ আঁচনিৰ পাইপে জ্বলাকলা খুৱাইছে হোজাই জিলাৰ যমুনাচিতবাসীক ৷ ক্ষোভিত ৰাইজে চৰকাৰক অনতিপলমে পেলাই থৈ দিয়া পাইপসমূহ থানথিত লগাবলৈ আহ্বান জনাই এই মন্তব্য প্ৰকাশ কৰে ৷
চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ ৷ বিগত 12 বছৰ ধৰি হোজাইৰ যমুনাচিতবাসীৰ বাবে মূৰৰ কামোৰণি হৈছে জলসিঞ্চন আঁচনিৰ পাইপ (Irrigation scheme not completed last 12 years) ৷ হোজাই জিলাৰ যমুনাচিত অঞ্চলত বিগত প্ৰায় 12 বছৰ পূৰ্বে এক জলসিঞ্চন আঁচনিৰ প্ৰকল্প আৰম্ভ হৈছিল ৷ এই জলসিঞ্চন আঁচনি নিৰ্মাণৰ মূল লক্ষ্য আছিল হোজাই জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহত কপিলী নৈৰ পৰা পানী উঠাই খেতিয়ক ৰাইজক খেতিপথাৰত পানী যোগান ধৰা (Irrigation scheme not completed in Hojai) ৷
কিন্তু সমন্বয়ৰ অভাৱত এই জলসিঞ্চন আচঁনিৰ কাম মাত্ৰ ৩০ শতাংশমান কাম কৰিয়েই গা এৰা দিয়ে চৰকাৰী লোকে ৷ বৰ্তমান বন-জংঘলে আগুৰি ধৰিছে জলসিঞ্চন আচঁনিৰ সকলো আচবাব ৷ ইফালে পানী পৰিবাহী পাইপসমূহ ৰাইজে অহা যোৱা কৰা পথৰ কাষতেই পেলাই থৈ দিয়াৰ ফলত অসুবিধা হৈছে অঞ্চলটোৰ লোকৰ ৷