লংকা,২২ নৱেম্বৰ:বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি লংকা আৰক্ষী থানাৰ উদ্যোগত লংকাৰ মাজমজিয়াত প্ৰদৰ্শন কৰা হয় নাটক । সমাজত চলি থকা শাৰিৰীক-মানসিক নিৰ্যাতন, বাল্যবিবাহ আদিক মূল লক্ষ্য হিচাপে লৈ তাক সুন্দৰকৈ ৰাইজৰ মাজত উপস্থাপন কৰা হয় উক্ত নাটকখনত । উক্ত নাটকখনত অভিনয় কৰে কাকীৰ জোনবিৰি নাট্য দলে ।
নাটকখনিৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হোজাই অতিৰিক্ত অধীক্ষক পণজিৎ দুৱৰা, লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয়া দাসসহ লংকা আৰক্ষী থানাৰ বিষয়া সকল । নাটকখন উপভোগ কৰি স্থানীয় ৰাইজেও মনৰ সন্তোষ্টি লাভ কৰা পৰিলক্ষিত হয় ।
উল্লেখ্য যে, নতুন দিল্লীত অনুষ্ঠিত হ’ব বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Borphukan 400th birth anniversary) । অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । এই উপলক্ষে সোমবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বিশেষ কাৰ্যসূচী ৰখা হৈছে ।