অসম

assam

ETV Bharat / state

হোজাইত উপস্থিত মুম্বাইৰ পৰা অহা শ্ৰমিক ৰেল - LABOR TRAIN

ৰেল খন আহি পোৱাৰ পিছত যাত্ৰীসকলক ৰেলৰ ভিতৰতে নিশাৰ আহাৰ যোগান ধৰে প্ৰশাসনে । যাত্ৰী অহাৰ সময়ত ষ্টেচনত উপস্থিত থাকি বিধায়ক শিলাদিত্য দেৱ, উপায়ুক্ত সদনেক সিঙ, আৰক্ষী অধীক্ষক অংকুৰ জৈনে সমগ্ৰ পৰিস্থিতিৰ তদাৰক কৰে ।

LABOR TRAIN FROM MUMBAI REACHED HOJAI
হোজাইত উপস্থিত মুম্বাইৰ পৰা অহা শ্ৰমিক ৰেল

By

Published : Jun 1, 2020, 10:51 AM IST

হোজাই, 1 জুনঃ হোজাইত উপস্থিত মুম্বাইৰ পৰা অহা শ্ৰমিক ৰেল । প্ৰায় ২০০০ যাত্ৰী লৈ মুম্বাই পৰা অসমলৈ ৰাওনা হৈছিল ৰেলখন । ইয়াৰে কিছু যাত্ৰী গুৱাহাটী আৰু চাপৰমুখত নমাৰ পিছত নিশা হোজাই ষ্টেচনত উপস্থিত হোৱা ৰেলখনৰ পৰা মুঠ ৮১১ গৰাকী যাত্ৰী নামে । ইপিনে ৰেল খন আহি পোৱাৰ পিছত যাত্ৰীসকলক ৰেলৰ ভিতৰতে নিশাৰ আহাৰ যোগান ধৰে প্ৰশাসনে ।

হোজাইত উপস্থিত মুম্বাইৰ পৰা অহা শ্ৰমিক ৰেল

আনহাতে খাদ্য গ্ৰহণৰ পিছত খালি পেকেট আৰু পানীৰ বটলবোৰ খিৰিকীৰে পেলাই দিয়াত জমা হোৱা জাবৰৰ দমক লৈয়ো আতংকৰ সৃষ্টি হোৱা দেখা যায় । ৰেলৰে অহা লোক সকলক নিশাই নাম ঠিকনা পঞ্জীয়ন আৰু স্কীনিং কৰাৰ পিছত পূৰ্বৰে পৰা সাজু কৰি ৰখা ৫২ খন গাড়ীৰে প্ৰেৰণ কৰে কোৱাৰান্টাইন শিবিৰলৈ । যাত্ৰী অহাৰ সময়ত ষ্টেচনত উপস্থিত থাকি বিধায়ক শিলাদিত্য দেৱ, উপায়ুক্ত সদনেক সিঙ, আৰক্ষী অধীক্ষক অংকুৰ জৈনে সমগ্ৰ পৰিস্থিতিৰ তদাৰক কৰে ।

আৰু পঢ়কঃ ক'ভিড ১৯ : দুই লাখ স্বাৱ পৰীক্ষা সম্পূৰ্ণ কৰাৰ দিশে অসম !

ABOUT THE AUTHOR

...view details