হোজাই, 31 জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে শুকুৰবাৰে হোজাই জিলাত একাধিক লোকে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ কাকী মৰমী চেন্টাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে গান গাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইত কৃষক মুক্তিৰ অভিনৱ প্ৰতিবাদ কৃষক নেতা অখিল গগৈ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ প্ৰায় 2 শতাধিক লোকে প্ৰচণ্ড বৰষুণকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷
আনহাতে,প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি,অনতিপলমে কৃষক নেতা অখিল গগৈৰ লগতে নাগৰিকত্ব সংশোধনী আইনবাতিল নকৰিলে হোজাইৰ কাকীৰ পৰা পদ যাত্ৰাৰে গুৱাহাটীলৈ প্ৰতিবাদী সমদল কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷
উল্লেখ্য যে,2019 বৰ্ষৰ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক NIAৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল ৷ বৰ্তমানেও তেওঁ কাৰাৰুদ্ধ হৈ আছে ৷ তেওঁৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইনবিৰোধ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু কেইটা গোচৰও ৰুজু হৈছিল ৷
লগতে পঢ়ক : হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ