হোজাই,30 ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে লংকা চহৰতো দিনক দিনে বৃদ্ধি পাইছে অপৰাধ জনিত কাৰ্যলাপ। বুধবাৰে দিন দুপৰতে লংকা চহৰত থকা SBI বেংকৰ পৰা এগৰাকী মহিলাৰ পৰা নগদ ৬০,০০০ টকা লৈ উধাও চিলনী চোৰ ৷
সাৱধান লংকাত চিলনী চোৰৰ মুক্ত বিচৰণ ! - লংকা চহৰতো দিনক দিনে
বেংকৰ পৰা টকা লৈ উলিয়াই অহাৰ সময়তে চিলনী চোৰৰ হাত পৰিল এগৰাকী মহিলাৰ বেগত ৷ নগদ 60,000 হাজাৰ টকালৈ উধাও দুৰ্বৃত্ত ৷ সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷
![সাৱধান লংকাত চিলনী চোৰৰ মুক্ত বিচৰণ ! kite Theft terror at lanka](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8997158-561-8997158-1601468458408.jpg)
উল্লেখযোগ্য যে,মহিলা গৰাকীৰ নাম নিৰ্মলা দেৱী,পেচাত মহিলা গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী। ইপিনে বেংকত থকা সময়তে দুৰ্বৃত্তই মহিলাগৰাকীক নিৰীক্ষণ কৰি আছিল বুলি জানিব পৰা গৈছে । তাৰপিছতে মহিলা গৰাকীয়ে বেংকৰ পৰা টকালৈ ৰাস্তাৰে গৈ থকাৰ সময়তে এখন বাইকতে অহা দুই দুৰ্বৃত্তই পিছফালৰ পৰা মহিলা গৰাকীৰ বেগ টানি পলায়ন কৰে।
ইপিনে দুৰ্বৃত্তই কাঢ়ি নিয়া বেগটোত মহিলা গৰাকীৰ গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে ম’বাইলও আছিল বুলি জানিব পৰা গৈছে । বৰ্তমান ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ ৰাজ্যজুৰি চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ