হোজাই, 15 জুলাই : হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত ন্যায় লাভ কৰে এগৰাকী অসহায় মাতৃয়ে ৷ নীলবাগানৰ সমীপৱৰ্তী সদৰগাঁৱ ৰিজাৰ্ভৰ আবিয়া খাতুন নামৰ ৯০ বছৰীয়া বৃদ্ধাগৰাকী নিজৰ চাৰি পুত্ৰৰ দ্বাৰা লাঞ্ছনা-বঞ্চনাৰ সন্মুখীন হৈ আহিছিল ৷ গুৰুতৰভাৱে অসুস্থ মাতৃগৰাকীৰ কোনো খবৰ লোৱা নাছিল নিজ সন্তানে ৷ ভৰণ-পোষণৰ লগতে চিকিৎসাৰ অভাৱত এক দুৰ্বিসহ জীৱন যাপন কৰিছিল বৃদ্ধা মাতৃগৰাকীয়ে ৷
এই কথা জানিব পাৰি হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নিৰ্দেশত S.O.P (STANDARD OPERATION PROCESS) দলৰ পেনেল অধিবক্তা ৰোহিনা ৱাৰিছে উদ্যোগ গ্ৰহণ কৰি অসুস্থ বৃদ্ধাগৰাকীক উদ্ধাৰ কৰে আৰু পাষাণ চাৰি পুত্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা হাতত লয় ৷