মোৰাঝাৰৰ লায়েক উদ্দিন হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান - চূড়ান্ত ৰায়দান
8 বছৰৰ সষ্টম কাৰাদণ্ড তিনি দোষীক
হোজাই, 24 মাৰ্চ : 2016 চনৰ 13মাৰ্চৰ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত সাৱাজপুৰত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ ৰায়দান ৷ হোজাই শংকৰদেৱ নগৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতে সোমবাৰে প্ৰদান কৰে এই হত্যাকাণ্ডৰ ৰায়দান ৷ হত্যাকাণ্ডৰ লগত জড়িত তিনি অভিযুক্ত ক্ৰমে চাদ্দাম হুছেইন, ইছলাম উদ্দিন, শ্বৰীফ উদ্দিনক সাক্ষ্য-প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰি 8বছৰৰ সষ্টম কাৰাদণ্ড বিহে সত্ৰ ন্যায়াধীশ আদালতে ৷ উল্লেখ্য যে, অতি পৰিকল্পিতভাৱে এই তিনিগৰাকী লোকে 2016চনৰ 13মাৰ্চত চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিছিল মোৰাঝাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী মোৰাঝাৰৰ সাৱাজপুৰৰ বাসিন্দা লায়েক উদ্দিনক ৷ এই হত্যাকাণ্ডৰ পাচতে ঘটনা সম্পৰ্কত নিহত লায়েক উদ্দিনৰ পিতৃ আব্দুল লতিফে মোৰাঝাৰ আৰক্ষী থানাত জালাল উদ্দিন,ছাদ্দাম হুছেইন,ইছলাম উদ্দিন,শ্বৰিফ উদ্দিন,নেছাৰুন নেছা,দিলৱাৰা বেগম আৰু আলী আচকৰক অভিযুক্ত কৰি দাখিল কৰিছিল এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিতেঘটনা সম্পৰ্কত তদন্ত চলাই হোজাই সত্ৰ ন্যায়াধীশ আদালতে সোমবাৰে দোষী সাব্যস্ত কৰে তিনিওগৰাকীকে ৷