হোজাই,১ মে': দেওবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গণনা । কিন্তু কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে ভোট গণনাত উপস্থিত থকা কাউণ্টিং এজেণ্ট, সাংবাদিক বা তাত উপস্থিত থকা সকলোৱে কৰ'ণা পৰীক্ষা কৰাতো বাধ্যতামূলক ।
হোজাইৰ প্ৰশাসনৰ উদ্যোগত সাংবাদিক-কাউণ্টিং এজেণ্টৰ কৰ'ণা পৰীক্ষা - election commission order for election counting day
ভোট গণনাত উপস্থিত থাকিব বিচৰা সাংবাদিক, কাউণ্টিং এজেণ্টকে ধৰি সকলো বিষয়াৰে কভিড পৰীক্ষা কৰা হয় । নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ পিছতে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত সকলোৰে ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰে প্ৰশাসন তথা স্বাস্থ্য বিভাগে ।
এই নিৰ্দেশনাৰ পিছতে প্ৰতিখন জিলাৰে প্ৰশাসন যন্ত্ৰ সষ্টম হৈ পৰিছে । হোজাই জিলাৰ তিনিটা সমষ্টিৰ বাবে হ'বলগা ভোটগণনাৰ সময়ত উপস্থিত থাকিবলগীয়া ২৭ গৰাকী সাংবাদিকৰ লগতে প্ৰাৰ্থীৰ এজেণ্ট আৰু কাউণ্টিং বিষয়াসকলক জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত ক'ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে ।
উল্লেখ্য যে, জিলাখনৰ অধীনৰ তিনিটা সমষ্টিৰ ভোটগণনা ২ মে'ৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব । সেয়ে ক'ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কাউণ্টিং হলত অংশগ্ৰহণ কৰিব বিচৰা সকলো সাংবাদিক, কাউণ্টিং এজেণ্ট, বিষয়া, ছুপাৰ ভাইজাৰ আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক ক'ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়াৰ পাছতেই তেওঁলোকক স্বাস্থ্য বিভাগৰ ফালৰ পৰা ক'ভিড পৰীক্ষা কৰা হয় ।
লগতে পঢ়ক:ৰাইদঙীয়াৰ প্ৰবীণ খেলুৱৈ ৰামকৃষ্ণ ৰাজাৰ মৃত্যু