হোজাই,2 মে’: আজি পুৱা 8বজাৰ পৰা আৰম্ভ হ’ল অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ক’ভিড প্ৰ’টকল মানি পুৱা 8 বজাৰ পৰা হোজাই জিলা শংকৰদেৱৰ নগৰৰ উপায়ুক্ত কাৰ্যালয়ত প্ৰাংগণত অনুষ্ঠিত হ’ল হোজাই, লামডিং আৰু যমুনামুখ বিধানসভা সমষ্টিৰ ভোটগণনা ৷
কিন্তু ইয়াৰ মাজতে পুৱাই উত্তপ্ত হৈ পৰে হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বাকৰি ৷ কিয়নো সাংবাদিকক বাতৰি প্ৰদান কৰাত বাধা প্ৰদান কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, আজি হোজাই জিলাখনৰ কোনো সাংবাদিকক বাতৰি যোগান ধৰিবৰ বাবে মোবাইল বা কেমেৰা ভিতৰলৈ নিবলৈ নিদিয়াত সাংবাদিক সকলে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদত বহে ৷