হোজাই, 19 অক্টোবৰ : লংকাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷ এই সভাত উপস্থিত থাকি সাংবাদিকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মিলিত হয় বৰুৱা ৷
হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত জয়ন্ত মল্ল বৰুৱা সাক্ষাৎকাৰত তেওঁ কয়, "সনাতনী সংস্কৃতি,ভাৰতীয় সংস্কৃতি বিশ্বাসী লোকসকলৰ মাজত যাতে কোনো ব্যক্তিয়ে পৰিকল্পিতভাৱে সংঘাত লগাই বিভক্ত কৰি মুনাফা লাভ কৰিব নোৱাৰে তাৰ প্ৰতি আমি সজাগ ৷ আজমল বাহিনীয়ে যাতে বিজেপিৰ দূৰ্গত আঘাত কৰিব নোৱাৰে সেইটো লক্ষ্য হিচাপে থাকিব । ভাৰতীয় সনাতনীত বিশ্বাস কৰা লোক বিজয়ী হ'বই লাগিব আৰু অসমৰ ৰাজপাটত থাকিব লাগিব । সেই লক্ষ্যই আগত লৈ আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ লগতে হোজাই জিলাৰ তিনিওটা সমষ্টি যাতে বিজেপিৰ দখললৈ আহে তাৰ প্ৰতি বিজেপিয়ে প্ৰস্তুতি চলাই যাব ৷
টোল গেটত শিলাদিত্যই কৰা আচৰণ সন্দৰ্ভত ভিডিঅ' ভাইৰেল হোৱা প্ৰসংগত জয়ন্ত মল্ল বৰুৱাই কয় যে, বিষয়টো তেওঁলোকৰ দৃষ্টি গোচৰ হৈছে ৷ বিজেপিৰ নেতৃত্বত চলি থকা চৰকাৰখনে বেয়া কাম কৰিলে কাৰো সমৰ্থন নাথাকে । যি কামে বিজেপি দল, ৰাজ্য, চৰকাৰখনক ক্ষতি কৰে তেওঁ বিধায়ক হওঁক নাইবা দলৰ যি দায়িত্বতেই নাথাকক কিয় তেওঁক ক্ষমা কৰা নহ'ব ।
অসমত মাদ্ৰাছা শিক্ষা সন্দৰ্ভত বৰুৱাই কয় যে, চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা দিয়াটো স্বীকাৰ্য হ'বই নোৱাৰে । অসম আৰু পশ্চিম বংগৰ বাহিৰে এনে শিক্ষা অন্য ঠাইত চৰকাৰী ধনেৰে কৰা নাই । কোনোবাই ব্যক্তিগতভাৱে ধৰ্মীয় শিক্ষা কৰিলে ক'বলগীয়া একো নাই । এনে শিক্ষাৰ পৰা বিগত দিনত সাম্প্ৰদায়িক, সন্ত্ৰাসবাদী শক্তি গা কৰা তথ্য আমাৰ হাতত আছে , গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰ কঠোৰ । এনে শিক্ষা চৰকাৰী ধন খৰচ কৰি কৰা নহ'ব ৷
লগতে পঢ়ক :সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি উত্তপ্ত জাজৰি