হোজাই, 11 মাৰ্চ : হোজাই জিলাৰ লংকাৰ 10 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰার্থী ৰমা মজুমদাৰৰ সমৰ্থকে সদ্য ঘোষিত পৌৰসভা নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে আনন্দ-উল্লাস কৰি ৱাৰ্ডটোৰ জয়ৰাম বস্তিৰ বিজেপিৰ বিষ্ণু ভট্টাচার্যীৰ ঘৰত ফটকা দলিয়াই ঘৰৰ কাপোৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰি 3 জন সমৰ্থকৰ বিৰুদ্ধে লংকা থানাত গোচৰ ৰুজু কৰিছিল ৷ এই সমৰ্থককেইজন ক্ৰমে, অনুপম গোস্বামী, শংকৰ আচাৰ্যী আৰু বিকাশ দে’ বুলি জানিব পৰা গৈছে ৷
এই ঘটনাৰ ওপৰত ভিত্তি কৰি শুকুৰবাৰে লংকাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনত বিজয়ী নির্দলীয় প্ৰাৰ্থী ৰমা মজুমদাৰে এখন সংবাদমেল আয়োজন কৰি (Independent candidate organize press conference at Lanka) মিছা গোচৰ জাপি দি বিজেপি প্ৰাৰ্থীয়ে হাৰাশাস্তি কৰা বুলি দাবী কৰে ৷ লগতে আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰিলে গোচৰটো যে মিছা সেয়া ওলাই পৰিব বুলিও উল্লেখ কৰে বিজয়ী প্ৰাৰ্থীগৰাকীয়ে ৷