অসম

assam

ETV Bharat / state

উদালীৰ চিকিৎসকক প্ৰহাৰৰ ঘটনাৰে জড়িত ৩৬ জন অভিযুক্তৰ জামিন নাকচ - উদালীত চিকিৎসক নিগ্ৰহ

লংকাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত ডাঃ সেউজ কুমাৰ সেনাপতিক প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৩৬ জন লোকৰ জামিন আবেদন নাকচ কৰিলে হোজাই জিলা শংকৰদেৱ নগৰ আদালতে । এই অভিযুক্ত কেইজনৰ ভিতৰত আছে ৩ জন কিশোৰ । কিশোৰ হিচাপে বিচাৰ প্ৰক্ৰিয়াত লাভ কৰা কোনো ধৰণৰ সুবিধা নাপায় এই ৩ জন কিশোৰে ।

In doctor attack case Hojai court rejected bail application of 36 accused
ফুলতলীৰ চিকিৎসকক প্ৰহাৰৰ ঘটনাৰে জড়িত ৩৬ জন অভিযুক্তৰ জামিন নাকচ

By

Published : Aug 11, 2021, 6:51 PM IST

হোজাই, ১১ আগষ্ট: যোৱা ২ জুনত লংকাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত একাংশ উদণ্ড লোকে কৰ্তব্যৰত অৱস্থাতে ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ এগৰাকী চিকিৎসকক বৰ্বৰভাৱে প্ৰহাৰ কৰিছিল । এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই ঘটনাৰে জড়িত ৩ জন কিশোৰসহ মুঠ ৩৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

মঙলবাৰে হোজাই জিলা শংকৰদেৱ নগৰ আদালতে এই অভিযুক্ত কেইজনৰ জামিন আবেদন নাকচ কৰে । অভিযুক্ত পক্ষৰ অধিবক্তাই তেওঁলোকৰ জামিনৰ বাবে আবেদন জনাইছিল । উভয় পক্ষৰ শুনানিৰ পাছত মুঠ ৩৬ জন অভিযুক্তৰ জামিন নাকচ কৰে হোজাই জিলা শংকৰদেৱ নগৰ আদালতে । আনহাতে, এই ঘটনাৰে জড়িত তিনিওজন কিশোৰ অপৰাধীক বৰ্তমান যোৰহাট কাৰাগাৰত ৰখা হৈছে ।

ফুলতলীৰ চিকিৎসকক প্ৰহাৰৰ ঘটনাৰে জড়িত ৩৬ জন অভিযুক্তৰ জামিন নাকচ

শংকৰদেৱ নগৰ আদালতৰ চৰকাৰী অধিবক্তাই আদালতত এখন আবেদন দাখিল কৰি এই কিশোৰকেইজনৰ বিচাৰ প্ৰক্ৰিয়া আন অভিযুক্তৰ দৰে চলাই নিবলৈ আদালতক আহ্বান জনাইছিল ।

এই আবেদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আদালতে সকলো দিশ চালি-জাৰি চাই কিশোৰ অপৰাধীয়ে সাধাৰণতে লাভ কৰে সকলো সুবিধাৰ পৰা বঞ্চিত কৰে কিশোৰকেইজনক । প্ৰাপ্তবয়স্ক অপৰাধীৰ দৰেই বিচাৰ প্ৰক্ৰিয়া চলিব কিশোৰকেইজনৰ বিৰুদ্ধেও । বৰ্তমান ক'ভিড-১৯ মহামাৰীৰ বাবে উচ্চ ন্যায়লয়ে দিয়া নীতি-নিৰ্দেশনাৰ ওপৰত নিৰ্ভৰ কৰি উক্ত ঘটনা সন্দৰ্ভত আদালতৰ বিচাৰ প্ৰক্ৰিয়াত সাক্ষ্য প্ৰদান, অভিযোগ-বিবেচনাৰ প্ৰক্ৰিয়া বৰ্তমান স্থগিত ৰখা হৈছে ।

দ্ৰুত গতিত আইনী প্ৰক্ৰিয়া চলোৱা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে হোজাই শংকৰদেৱ নগৰ আদালতলৈ নিৰ্দেশনা দিছে বুলি সংবাদমাধ্যমত বাতৰি প্ৰকাশ হৈছিল ৷ প্ৰকৃততে শংকদেৱ নগৰ আদালতে বৰ্তমানলৈকে তেনে কোনো নিৰ্দেশনা পোৱা নাই বুলি জানিবলৈ দিয়ে আদালত খনৰ চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়াই ।

চিকিৎসকজনক এককালীন সাহাৰ্য প্ৰদান কৰা সন্দৰ্ভত কোনো নিৰ্দেশ দিয়া নাই গুৱাহাটী উচ্চ ন্যায়ালয়ে (Guwahati High Court)। উল্লেখ্য যে, এজন ক'ভিড ৰোগীৰ মৃত্যক কেন্দ্ৰ কৰি ফুলতলীৰ ক'ভিড কেয়াৰ চেণ্টাৰত কৰ্তব্য পালন কৰি থকা ডাঃ সেউজ কুমাৰ সেনাপতিক এদল লোকে বৰ্বৰভাৱে আক্ৰমণ কৰিছল । এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল চিকিৎসকগৰাকী ।

লগতে পঢ়ক:ATM ত নগদ ধন শেষ হ'লেই ভৰিব লাগিব জৰিমনা

ABOUT THE AUTHOR

...view details