হোজাই, 28 জানুৱাৰী: বৃহস্পতিবাৰৰ নিশা ডবকাত হোজাই জিলা বন বিভাগে চলালে অভিযান ৷ এক গোপন তথ্যৰ ভিত্তিতে এই অভিযান চলালে হোজাই জিলা বন বিভাগে ৷ দক্ষিণ নগাঁও বন সংমণ্ডল বিষয়া গুণদ্বীপ দাসৰ নিৰ্দেশত হোজাই জিলা বন সুৰক্ষা বাহিনী আৰু কপিলী উপত্যকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া আৰু বনকর্মীসকলে যৌথভাৱে চলালে এই অভিযান ৷
ডবকাৰ বিভিন্ন স্থানত পৃথকে পৃথকে চলিল এই যৌথ অভিযান ৷ বন বিভাগৰ অভিযানকাৰী দলটোৱে ডবকা চহৰৰ মাজমজিয়াত থকা এটা কাঠৰ গুদামত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সমর্থ হয় (Hojai forest department official seized illicit timber) ৷ পিছত ডবকাৰ বিলপাৰতো অভিযান চলাই বন বিভাগৰ দলটোৱে ৷ তাৰ পৰাও বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে (Woods Seized by Hojai Forest Department officials) ৷