অসম

assam

ETV Bharat / state

হোজাইৰ কাকীত কাঠফলা মিল উৎখাত বন বিভাগৰ

হোজাইৰ কাকীত বন বিভাগৰ তৎপৰতাত উৎখাত কাঠফলা মিল ৷ মিলটোৰ পৰা আনুমানিক ৭০ ৰ পৰা ৮০ হাজাৰ টকাৰ কাঠৰ কুণ্ডা জব্দ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷

কাঠফলা মিল উৎখাত বন বিভাগৰ
কাঠফলা মিল উৎখাত বন বিভাগৰ

By

Published : Sep 21, 2020, 12:42 PM IST

হোজাই, 21 চেপ্তেম্বৰ:হোজাই জিলাৰ কাকীত বন বিভাগে অভিযান চলাই জব্দ কৰে অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা ৷ লংকাৰ গাতে লাগি থকা লামডিং বনাঞ্চল সংৰক্ষণৰ বাবে অধিক তৎপৰ হৈ পৰিছে লংকা বন বিভাগ ৷ লংকা আঞ্চলিক বন বিভাগৰ এটি দলে বিশেষ সুত্ৰৰ পম খেদি কাকীৰ ডিফলুত অভিযান চলাই কাঠফলা মিলটোৰ লগতে কুণ্ডাসমূহ জব্দ কৰে ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৭০ ৰ পৰা ৮০ হাজাৰ টকা হ'ব বুলি উল্লেখ কৰে বন বিভাগ কৰ্তৃপক্ষই ৷

হোজাইৰ কাকীত কাঠফলা মিল উৎখাত বন বিভাগৰ

কাঠ ফলা মিলটোৰ পৰা বন বিভাগে জব্দ কৰা কাঠখিনি সম্প্ৰতি বন বিষয়াৰ কাৰ্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে, অভিযান কালত কাঠফলা মিলটোৰ সৈতে জড়িত এজনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল লংকা বন বিভাগ ৷ কিন্তু কাঠফলা মিলটোৰ স্বত্বাধিকাৰী পুষ্প বৰা নামৰ এগৰাকী লোক বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ লোক জনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলিও জানিবলৈ দিয়ে বন বিভাগ কৰ্তৃপক্ষই ৷ আনহাতে স্থানীয় চৰকাৰী গাঁওবুঢ়া গৰাকীয়ে সেই অঞ্চলত তেনে ধৰণৰ কেইবাটাও কাঠফলা মিল আছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:থানেত তিনি মহলীয়া ভৱন খহি 8 গৰাকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details