হোজাই,15 ফেব্ৰুৱাৰী:হোজাই জিলাৰ লংকাত বন বিভাগৰ সফল অভিযান ৷ সোমবাৰে লংকাৰ কাকী আমতলা তিনিহাজাৰ বিঘাত লংকা বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰাৰ লগতে বহু পৰিমাণৰ অবৈধ কাঠৰ ফাণ্টা জব্দ কৰে ৷
জব্দকৃত অবৈধ কাঠফলা মিলৰ যন্ত্ৰাংশ আৰু কাঠৰ ফাণ্টাসমূহৰ মূল্য দুই লখৰো অধিক হ'ব বুলি জনাইছে বন বিভাগে ৷ লংকা বনাঞ্চলিক বিষয়া নিৰুদ কুমাৰ সুতৰ নেতৃত্বত এটা বৃহৎ বনকৰ্মীৰ দলে আমতলাত চলাইছিল এই অভিযান ৷