অসম

assam

ETV Bharat / state

লংকাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ কাঠ

দেওবাৰে হোডাইৰ জিলাৰ লংকাৰ দুটাকৈ ভিন্ন স্থানৰ পৰা বন বিভাগৰ লোকে জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠ ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বন বিভাগ কৰ্তৃপক্ষই ৷

জব্দ বৃহৎ পৰিমাণৰ কাঠ
জব্দ বৃহৎ পৰিমাণৰ কাঠ

By

Published : Jul 26, 2020, 10:09 PM IST

হোজাই, 26 জুলাই: দেওবাৰে লংকাৰ পৰা লামডিং সংযোগী পথত বন বিভাগৰ লোকে জব্দ কৰে এখন কাঠভৰ্তি বাহন ৷ এগৰাকী স্থানীয় লোকে সন্দেহজনক অৱস্থাত গাড়ীখন প্ৰত্যক্ষ কৰি লংকা বন বিভাগক অৱগত কৰে ৷ ততাতৈয়াকৈ বন বিভাগৰ লোক সেই স্থানত উপস্থিত নথি-পত্ৰবিহীন বাহনখন জব্দ কৰে ৷ বাহন খনৰ পৰা কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগৰ লোক ৷ পৰৱৰ্তী সময়ত কাঠৰ বাহনখন লংকাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ যোৱা হয় ৷ বনাঞ্চলিক বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি জব্দকৃত AS-02 CC-2372 নম্বৰৰ বাহন খনত আছিল প্ৰায় 10 হাজাৰ টকা মূল্যৰ আঢ়ৈ কাঠ ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বন বিভাগৰ লোকে ৷

লংকাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ কাঠ

আনহাতে আন এক গোপন সুত্ৰত ভিত্তিত বন বিভাগৰ লোকে অভিযান চলায় লংকাৰ ৭ নং উদালীৰ বাসিন্দা অহাট নামৰ এগৰাকী লোকৰ বাসগৃহত ৷ গোপন সুত্ৰই প্ৰদান কৰা তথ্য অনুসৰি লোক গৰাকীৰ ঘৰত আছিল বহু পৰিমাণৰ ফলা কাঠ ৷ উদালী আৰক্ষী নিৱেশৰ আৰক্ষীৰ সহযোগত বন বিভাগৰ লোকে অভিযুক্ত লোক গৰাকীৰ ঘৰত তালাচী চলাই জব্দ কৰে বহু পৰিমাণৰ ফলা কাঠ ৷ চেগুণকে ধৰি গমাৰী,কৰৈ আদি ভিন্ন গছৰ কাঠ আৰু কুণ্ডা জব্দ কৰে বন বিভাগে ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 15 হাজাৰ টকা হ'ব বুলি জানিবলৈ দিয়ে লংকাৰ বনাঞ্চলিক বিষয়া গৰাকীয়ে ৷ জানিব পৰ মতে,অভিযান কালত ঘৰত উপস্থিত নাছিল অভিযুক্ত লোকগৰাকী ৷ সেয়েহে বন বিভাগৰ লোকে অভিযুক্ত লোক গৰাকীৰ বন বিভাগৰ কাৰ্যলয়ত হাজিৰ হৈ সাক্ষ্য প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সাক্ষ্য প্ৰদানৰ পাচতেই বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা লোক গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে বন বিভাগৰ বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক:কাৰ আশীৰ্বাদত নথি-পত্ৰ নোহোৱাকৈ কৰিমগঞ্জ চহৰৰ মাজেৰে পাৰ হৈ যায় শিল ভৰ্তি ট্ৰাক !

ABOUT THE AUTHOR

...view details