হোজাইৰ কাকীত জব্দ শাল-চেগুনৰ কুণ্ডা - assam news
শনিবাৰে কাকী টিলা বজাৰত কাকী বনাঞ্চলিক বিষয়া আৰু হোজাইৰ সহকাৰী বন সংমণ্ডল বিষয়াৰ নেতৃত্বত যোৱা বনবিভাগৰ এটি দলে অভিযান চলাই জব্দ কৰে ৷ কাকী টিলাবজাৰ অঞ্চলৰ পৰা এটা অবৈধ কাঠফলা মিলত ব্যৱহৃত জেনেৰেটৰসহ লক্ষাধিক টকাৰ চেগুন আৰু শাল কাঠৰ 28 টা কুণ্ডা জব্দ কৰে
হোজাই, 8 জুন: হোজাইৰ কাকীত বনবিভাগৰ অভিযান । অবৈধ কাঠফলা মিলত ব্যৱহৃত জেনেৰেটৰসহ মূল্যবান শাল-চেগুনৰ কুণ্ডা জব্দ । এক গোপন সূত্ৰৰ ভিত্তিতে শনিবাৰে কাকী টিলা বজাৰত কাকী বনাঞ্চলিক বিষয়া আৰু হোজাইৰ সহকাৰী বন সংমণ্ডল বিষয়াৰ নেতৃত্বত যোৱা বনবিভাগৰ এটি দলে অভিযান চলাই জব্দ কৰে কুণ্ডা খিনি ৷ কাকী টিলাবজাৰ অঞ্চলৰ পৰা এটা অবৈধ কাঠফলা মিলত ব্যৱহৃত জেনেৰেটৰসহ লক্ষাধিক টকাৰ চেগুন আৰু শাল কাঠৰ 28 টা কুণ্ডা জব্দ কৰে । ইপিনে,কাকী আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানৰ সময়ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে,হোজাই বন সংমণ্ডলৰ অধীনস্থ কাকী বনবিভাগৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এইদৰে একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ কাঠফলা মিলসমূহ স্থাপন কৰি চোৰাং বেহা অব্যাহত ৰাখিছে যদিও দীৰ্ঘদিন ধৰি চকুমুদা কুলিৰ ভাও ধৰি আহিছিল কাকী বনবিভাগে । তদুপৰি কাকী বনবিভাগৰ সন্মুখেদিয়েই নিতৌ অবৈধ বালি-শিলৰ সৰবৰাহ হৈ আছে যদিও কাণসাৰ নাই বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ ।