হোজাই, 1 জুন : কাকী বনাঞ্চলত অব্যাহত আছে বনজ সম্পদ খননৰ অবৈধ বেহা ৷ হোজাই জিলাৰ বন বিভাগৰ ছত্ৰছায়াত পাহাৰ খনন কৰি অবৈধভাৱে ৰাৱিজ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কাকী বনাঞ্চলৰ মৰমী চেন্টাৰ, বালিপথাৰ, বগাপানী, বনগাঁও আদি অঞ্চলত বনবিভাগৰে মিলি ৰাৱিজৰ অবৈধ খনন ।
জিলাখনৰ দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনস্থ কাকী বন বিভাগৰ এলেকাধীন কাকী বনাঞ্চলত অব্যাহত আছে এই বনজ সম্পদ খননৰ অবৈধ বেহা । শেহতীয়াকৈ বনাঞ্চলখনৰ মৰমী চেন্টাৰ, বালিপথাৰ, বনগাঁও, বগাপানী আদি অঞ্চলত বনবিভাগৰ ছত্ৰছায়াত একাংশ বনজ সম্পদ লুণ্ঠনকাৰীয়ে অবাধে পাহাৰ খনন কৰি ৰাৱিজৰ ৰমৰমীয়া বেহা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।