হোজাই, 4 মেঃ হোজাইৰ লামডিং জি আৰ পিয়ে শুকুৰবাৰে ৪৯ লাখ ৯৮ হাজাৰ টকাসহ আটক কৰে দুগৰাকী মহিলাক ৷ উজনিমুৱা গুৱাহাটী-ডিমাপুৰ বিজি এস্কপ্ৰেছৰ সাধাৰণ শ্ৰেণীৰ এটি দবাৰ পৰা জব্দ কৰা হয় এই বৃহৎ ধনৰাশি ৷ জি আৰ পিৰ নিয়মীয়া তালাচীত দুগৰাকী মহিলাসহ জব্দ কৰা হয় টকাখিনি ৷
বৃহৎ ধনসহ দুগৰাকী মহিলাক আটক লামডিং জি আৰ পিৰ - etv bharat
জি আৰ পিৰ নিয়মীয়া তালাচীত দুগৰাকী মহিলাসহ জব্দ কৰা হয় টকাখিনি

বৃহৎ ধনসহ দুগৰাকী মহিলাক আটক লামডিং জি আৰ পিৰ
বৃহৎ ধনসহ দুগৰাকী মহিলাক আটক লামডিং জি আৰ পিৰ
আটকাধীন মহিলা দুগৰাকী কোচবিহাৰৰ গায়ত্ৰী হালদাৰ আৰু আৰতি হালদাৰ বুলি জানিব পৰা গৈছে। মহিলা দুগৰাকীৰ ভাষ্য মতে, তেওঁলোকে এই ধনখিনি ব্যৱসায়ৰ উদ্দেশ্যৰে বোকাজানলৈ লৈ গৈ আছিল ৷ পৃথকে পৃথকে চাৰিটা পেকেট কৰি মোনাত কাপোৰৰ মাজত ভৰাই লৈ গৈ থকা অৱস্থাত জি আৰ পিৰ জালত পৰে মহিলাদুগৰাকী ৷ আনহাতে, এই ধনখিনিৰে নিচাঁজাতীয় সামগ্ৰী অথবা অন্য অবৈধ সামগ্ৰী ক্ৰয় কৰিবলৈ লৈ যোৱাৰ সন্দেহ আৰক্ষীৰ ৷