হোজাই, 9 মে' :ৰাজ্যত অব্যাহত আছে নিচা বিৰোধী অভিযান(Operation against narcotics) ৷ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে দেওবাৰে নিশা হোজাই জিলাৰ লামডিঙত ৰে'ল আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ভাং আৰু সন্দেহজনক বার্মিজ চুপাৰি (Intoxicating elements seized at Lumding) ৷
তথ্য মতে, ১৩১৭৪ নামনিমুৱা আগৰতলা শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা উক্ত নিষিদ্ধ সামগ্ৰীখিনি জব্দ কৰা হয় (Narcotics seized at Lumding) । লামডিং ৰে'ল আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত তালাচী চলাই ৰেলখনৰ এটা পাৰ্চেল দবাৰ পৰা জব্দ কৰে উক্ত সামগ্ৰীখিনি ।
জানিব পৰা মতে, ৰে'ল আৰক্ষীয়ে ৰে'লখনৰ পৰা ৬ টা পেকেটত মুঠ ৭৮ কিলোগ্রাম ভাং আৰু ৮৪ টা বস্তাত মুঠ ৬,৩৪০ কিলোগ্রাম সন্দেহজনক বার্মিজ চুপাৰি জব্দ কৰে । ৰে'ল আৰক্ষীৰ তথ্য মতে, উক্ত চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ৩১ লাখ ৯০ হাজাৰ টকা আৰু ভাংখিনিৰ মূল্য প্রায় ৭ লাখ ৫০ হাজাৰ টকা ৷