অসম

assam

হোজাইত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বন্তি প্ৰজ্বলন

By

Published : Nov 12, 2020, 10:28 PM IST

কংগ্ৰেছ কৰ্মী সকলে প্ৰয়াত পৰাগ ভূঞাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ তুলি ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৷ ইয়াৰ লগতে সাংবাদিক সকলৰ সুৰক্ষা প্ৰদানৰ বাবেও চৰকাৰক আহ্বান জনাই যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভূঞাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে CIDক দায়িত্ব অৰ্পণ কৰিছে ৷

Ignition of fire on memory of parag bhuyan
হোজাইত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বন্তি প্ৰজ্বলন

হোজাই,12নৱেম্বৰঃতিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ আত্মাৰ সদগতিৰ কামনাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লামডিং যুৱ কংগ্ৰেছৰ উদ্যোগত হোজাইৰ নখুটীত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে বহু সংখ্যক কংগ্ৰেছ কৰ্মী ৷ কংগ্ৰেছ কৰ্মী সকলে প্ৰয়াত পৰাগ ভূঞাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ তুলি ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৷ইয়াৰ লগতে সাংবাদিক সকলৰ সুৰক্ষা প্ৰদানৰ বাবেও চৰকাৰক আহ্বান জনাই যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৷

উল্লেখযোগ্য যে, ব্যক্তিগত টেলিভিছন চেনেলত কৰ্মৰত কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাক বুধবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ সমুখতে খুন্দিয়াই পলায়ন কৰিছিল ৷ এই ঘটনাত নিহত হৈছিল ভূঞা ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভূঞাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে CIDক দায়িত্ব অৰ্পণ কৰিছে ৷

লগতে পঢ়কঃসাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ তীব্ৰ গৰিহণা কলগাছিয়া সাংবাদিক সন্থাৰ

ABOUT THE AUTHOR

...view details