হোজাই, 20 জুলাই: কিমান কু-মানসিকতা হʼলে যৌতুকৰ বাবে নিজ অন্তঃসত্বা পত্নীক বিহ পান কৰোৱাই হত্যা কৰাৰ চেষ্টা কৰিব পাৰে এজন স্বামীয়ে । তেনে এক অমানৱীয় জঘন্য ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ নখুটীৰ 1 নং ছাৰ্কেৱস্তিত । ঘটনা সন্দৰ্ভত জানিব পৰা মতে,উদালীৰ অয়েশা খাতুন নামৰ এগৰাকী যুৱতীক ডেৰ বছৰৰ পূৰ্বে নখুটীৰ 1 নং ছাৰ্কেৱস্তিৰছয়দুৰ ৰহমান নামৰ যুৱকজনৰ লগত সামাজিক নীতি-নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল ৷ কিন্তু বিবাহৰ পিচৰ পৰাই অয়েশা খাতুনৰ স্বামী ছয়দুৰ ৰহমান আৰু স্বামীৰ পৰিয়ালে অয়েশাক যৌতুক বিচাৰি চলাই গৈছিল শাৰীৰিক তথা মানসিক নিৰ্যাতন ।
অৱশেষত অয়েশাৰ ওপৰত নিৰ্যাতনৰ চূড়ান্ত সীমা পাৰ হৈ যোৱা 17 জুলাইত স্বামী আৰু স্বামীৰ পৰিয়ালে অয়েশাক বিহ পান কৰোৱাই হত্যা কৰাৰ চেষ্টা চলায় । অয়েশাক বলপূৰ্বক ভাৱে বিহ পান কৰোৱাই স্বামীয়ে ঘৰৰ বাহিৰত পেলাই থয় । পিচত এই ঘটনা সন্দৰ্ভত অয়েশাৰ মাতৃ পৰিয়ালে অৱগত হোৱাত নখুটী আৰক্ষীৰ সহযোগত অয়েশাক স্বামী গৃহৰ পৰা উদ্ধাৰ কৰি,নখুটীৰ এখন ঔষধৰ দোকানত প্ৰাথমিক চিকিৎসা কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে লংকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷