অসম

assam

ETV Bharat / state

হোজাইত তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ অনশন কাৰ্যসূচী - hojai

ধৰ্ষণকাৰীক নিশ্চিত সময়ত ফাঁচী প্ৰদানৰ আইন বলবৎ কৰাৰ দাবীৰে হোজাই জিলাৰ শংকৰদেৱ নগৰত তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷

হোজাইত তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ অনশন কাৰ্যসূচী
হোজাইত তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ অনশন কাৰ্যসূচী

By

Published : Oct 19, 2020, 10:55 PM IST

হোজাই, 19 অক্টোবৰ: হোজাই জিলাৰ শংকৰদেৱ নগৰত তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ প্ৰদেশ অধ্যক্ষা নমিতা চাহুৰ ক্ৰমিক অনশন ৷ দেশত সংঘটিত হৈ থকা ধৰ্ষণকাণ্ডৰ বিৰোধিতাৰে ধৰ্ষণকাৰীক নিশ্চিত সময়ত ফাঁচী প্ৰদানৰ আইন বলবৎ কৰাৰ দাবীৰে এই অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ যোৱা ১৭ অক্টোবৰ নৱৰাত্ৰিৰ পৰা সোমবাৰলৈ তিনিদিন ধৰি নমিতা চাহুৱে তেজস্বিনীৰ ভগ্নীসকলক লৈ পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈকে অব্যাহত ৰাখিছে এই কাৰ্যসূচী ৷

ধৰ্ষণৰ বিৰোধিতাৰে যোৱা ২৭ জুলাইৰ পৰা তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে 9 কিলোমিটাৰ দৈৰ্ঘৰ কাপোৰ এখন লৈ ভিন্ন স্থানৰ ৰাইজৰ হস্তাক্ষৰ সংগ্ৰহ কৰিছে ৷ বৰ্তমানলৈ ৬০ হাজাৰতকৈও অধিক লোকে প্ৰদান কৰিছে হস্তাক্ষৰ ৷ সোমবাৰে নিশাৰ ভিতৰত চৰকাৰে তেওঁলোকৰ দাবী মানি নল'লে মঙলবাৰে ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে নমিতা চাহুৱে ৷

লগতে পঢ়ক:বীৰসিং জৰুৱা আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details