অসম

assam

ETV Bharat / state

লামডিং ৰে’লৱে ষ্টেচনত হাহাকাৰ পৰিস্থিতি - kerala to dibrugarh labour special train

হোজাই জিলাৰ লামডিং ৰে’ল ষ্টেচনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা এটা বৃহৎ শ্ৰমিকৰ দলে ৷ জিলা প্ৰশাসনে দলটোৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পিছতো দেওবাৰে নিশাৰ পৰা শ্ৰমিকসকলক ষ্টেচনত আৱদ্ধ কৰি ৰখাত উত্তেজিত শ্ৰমিকসকলে সৃষ্টি কৰে এই পৰিস্থিতি ৷

Hungama at hojai railway station assam etv bharat news
লামডিং ৰে’লৱে ষ্টেচন

By

Published : Jun 15, 2020, 12:25 PM IST

হোজাই,15 জুন:হোজাইৰলামডিং ৰে’ল ষ্টেচনত দেওবাৰে নিশা যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ নিশা কেৰালাৰ পৰা ডিব্ৰুগড়লৈ চলা শ্ৰমিক স্পেচিয়েল যাত্ৰীবাহী ৰে’লযোগে অসমলৈ আহিছিল এটা বৃহৎ শ্ৰমিকৰ দল ৷ লক্​ ডাউনৰ বাবে বিগত তিনিমাহে ৰাজ্যখনত আৱদ্ধ হৈ আছিল এইসকল ব্যক্তি ৷ দলটো ষ্টেচনত উপস্থিত হোৱাৰ পিছত প্ৰত্যেকৰে স্বাস্থ্য পৰীক্ষা কৰা হয় যদিও বৰ্তমানলৈকে ষ্টেচনতে আৱদ্ধ হৈ আছে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ দলটো ৷

লামডিং ৰে’লৱে ষ্টেচনত হাহাকাৰ পৰিস্থিতি

আনহাতে ষ্টেচনত নিশাৰ পৰা এনেদৰে আৱদ্ধ কৰি ৰখাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে যাত্ৰীসকলে । ফলত আৰক্ষী মোতায়েন কৰি পৰিস্থিতি শান্ত কৰাৰ চেষ্টা চলাই জিলা প্ৰশাসনে ৷ উক্ত ষ্টেচনত কাৰ্বি আংলং, ডিমা হাছাও, হোজাইকে ধৰি বিভিন্ন জিলাৰ প্ৰায় 700 গৰাকী ব্যক্তি সামাজিক ব্যৱধান মানি নচলাকৈ অৱস্থান কৰাৰ দৃশ্য পৰিলক্ষিত হৈছে ৷ তদুপৰি জিলা প্ৰশাসনে পানী আৰু বিস্কুট যোগান ধৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকৰ দলটোৱে ৷

লগতে চাওকঃগোৰেশ্বৰত গণ সংক্ৰমণৰ দিশে কৰ'ণা, ই-ৰিক্সাই মাতিছে বিপদ

ABOUT THE AUTHOR

...view details