হোজাই, 9 ছেপ্তেম্বৰ :হোজাই জিলাত অব্যাহত আছে লংকা বন বিভাগৰ জোৰদাৰ অভিযান । অভিযানত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠসহ কাঠ ফলা মেচিন । বিগত কিছুদিনৰ পৰা একাংশ বন মাফিয়াই লংকাৰ বিভিন্ন স্থানত চলাই অহা কাঠৰ চোৰাং বেহাৰ বিৰুদ্ধে লংকাৰ বন বিভাগে সময়ে সময়ে অভিযান অব্যাহত ৰাখিছে ।
হোজাই জিলাৰ বন বিভাগৰ বৃহৎ সাফল্য তাৰ মাজতে বিশেষ সূত্ৰৰ পম খেদি লংকা বন বিভাগে কাকী আমতলাত এক অভিযান চলায় । অতৰ্কিতে চলোৱা অভিযানত লংকাৰ বন বিভাগে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷
লংকা বনাঞ্চলিক বিষয়াই জনোৱা মতে,এই অভিযানত এটা কাঠ ফলা মেচিন উৎখাত কৰাৰ লগতে চোৰাং কাঠৰ কুণ্ডাসহ এখন বাইক জব্দ কৰে । জব্দকৃত বাইকখনৰ পঞ্চীয়ন নম্বৰ AS 02J 8915 ৷
হোজাইত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ জানিব পৰা মতে,জব্দকৃত চোৰাং কুণ্ডাখিনিৰ বজাৰ মূল্য এক লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে । ইয়াৰোপৰি ঘটনাস্থলীৰ পৰা সোধ-পোছৰ বাবে বনবিভাগে দুজন লোকক আটক কৰিছে । আটকাধীন লোক দুজনৰ নাম ক্ৰমে হৈছে আয়ুৱ আলিআৰুবাবুল হুছেইন। কুণ্ডাখিনি কাৰ্বি আংলংৰ বনাঞ্চলৰ পৰা সৰবৰাহ কৰি অনাৰ সন্দেহ প্ৰকাশ কৰে বনবিভাগে ।
লগতে চাওক-শিৱসাগৰত গাৰ্হস্থ্য হিংসাৰ বলি বোৱাৰী