অসম

assam

By

Published : Feb 18, 2022, 7:37 PM IST

ETV Bharat / state

Large quantity of wood seized : হোজাইত জব্দ লক্ষাধিক টকাৰ চেগুন গছৰ কুণ্ডা

হোজাইত বনবিভাগৰ অভিযান ৷ হোজাইৰ মোৰাঝাৰত প্ৰায় দহ লাখ টকাৰ চোৰাংভাৱে সৰবৰাহ কৰা চেগুন গছৰ কুণ্ডাসহ জব্দ কৰা হৈছে এটা কাঠফলা মিল (Huge amount of wood seized by forest department) ৷

Huge amount of wood seized at hojai
হোজাইত জব্দ লক্ষাধিক টকাৰ চেগুন গছৰ কুণ্ডা

হোজাই, 18 ফেব্ৰুৱাৰী :চোৰাং কাঠৰ সৰবৰাহ আৰু ইয়াৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে বন বিভাগৰ অভিযান ৷ দুৰ্নীতি তথা অনিয়মেৰে চলাই যোৱা কাঠফলা মিল, চোৰাং সৰবৰাহ আদিৰ বিৰুদ্ধে সস্তম হোজাইৰ বন বিভাগো ৷ কাঠৰ এই চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই হোজাইৰ বন বিভাগে কঠোৰ স্থিতি গ্ৰহণ পূৰ্বেও বহু কাঠফলা মিল জব্দ কৰাৰ লগতে আটক কৰিছে অপৰাধীক ৷

বৃহস্পতিবাৰে হোজাই জিলাৰ মোৰাঝাৰত বন বিভাগে অভিযান চলাই জব্দ কৰিলে চোৰাং ভাৱে সৰবৰাহ কৰা কেইবা লাখ টকাৰ চেগুন গছৰ কুণ্ডাসহ এটা কাঠফলা মিল (Huge amount of wood seized) ৷ হোজাই বন বিভাগ আৰু মোৰাঝাৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় চোৰাং ভাৱে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ চেগুন গছৰ কুণ্ডাখিনি ৷

হোজাইত জব্দ লক্ষাধিক টকাৰ চেগুন গছৰ কুণ্ডা

এক গোপন সূত্ৰৰ পম খেদি, বৃহস্পতিবাৰে নিশা হোজাইৰ বন সুৰক্ষা বিষয়া মহেশ নাথ আৰু মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া মিন্টু সন্দিকৈৰ নেতৃত্বত চলাইছিল এই অভিযান ৷ হোজাই বন বিভাগৰ লোকে সদৰি কৰা অনুসৰি, অতি পৰিত্যক্ত স্থানত লুকুৱাই ৰখা হৈছিল জব্দকৃত চেগুন গছৰ কুণ্ডাখিনি ৷

বন সুৰক্ষা বিষয়া মহেশ নাথে উল্লেখ কৰা অনুসৰি, জব্দকৃত চেগুন গছৰ কুণ্ডাখিনিৰ বজাৰ মূল্য হ’ব প্ৰায় ১০ লাখ টকা ৷ চোৰাং ব্যৱসায়ীয়ে কাৰ্বি পাহাৰৰ পৰা চেগুন গছ কাটি অনাৰ সন্দেহ কৰিছে বিন বিভাগে ৷ অৱশ্যে এই অভিযানত কোনো লোকক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও মোৰাঝাৰ থানাত ৰুজু কৰা হৈছে এটি গোচৰ ৷

লগতে পঢ়ক :জামুগুৰিত ৰে’লৱে ষ্টেচনৰ সমীপৰ পথাৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details