হোজাই,13 অক্টোবৰঃ হোজাই আৰক্ষীৰ অভিযানত মঙলবাৰে জব্দ হয় বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য । জানিবপৰা অনুসৰি লংকা বজাৰৰ লিংকৰোডত চলাইছিল আৰক্ষীৰ অভিযান । লিংকৰোডৰ অধীৰ এন্টাৰপ্ৰাইজত আৰক্ষীয়ে চলোৱা এই অভিযানত নিচাযুক্ত ঔষধসহ আটক কৰে ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰ সুব্ৰত কৰ্মকাৰ আৰু চাৰিজন ব্যক্তিক ।
হোজাইত জব্দ বহু পৰিমাণৰ নিচাযুক্ত দ্ৰৱ্যঃ 4 জনক আটক - হোজাইত জব্দ বহু পৰিমাণৰ নিচাযুক্ত দ্ৰৱ্যঃ 4 জনক আটক
লিংকৰোডৰ অধীৰ এন্টাৰপ্ৰাইজত আৰক্ষীয়ে চলোৱা এই অভিযানত নিচাযুক্ত ঔষধসহ আটক কৰে ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰ সুব্ৰত কৰ্মকাৰ আৰু চাৰিজন ব্যক্তিক ।

আটকাধীন আন তিনিজন ব্যক্তি ক্ৰমে ফকৰ উদ্দিন,ৱাচিম মকৰমআৰু অটুল শীল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ১৯২ টা অবৈধ নিচাযুক্ত ক'ফ চিৰাফৰ বটলসহ ১১ টা স্পাৰ্শৰ ফাইল জব্দ কৰিবলৈ সক্ষম হয় এই অভিযানত ৷ বৰ্তমান লংকা আৰক্ষীয়ে আটকাধীন চাৰিওজনকে থানালৈ নি জেৰা অব্যাহত ৰাখিছে ।