হোজাই, 2 আগষ্ট :ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পৰীক্ষা অনুষ্ঠিত নহ’লেও মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই বিভাগে ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ কিন্তু এই ফলাফলক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে আন এক নতুন বিতৰ্কৰ ৷ এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰো অভিযোগ উত্থাপন হৈছে ৷
ৰাজ্যৰ বহুকেইখন জিলাত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিতৰ্ক অব্যাহত থকাৰ মাজতে সোমবাৰে হোজাই জিলা লংকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা অনুসৰি, নৱম আৰু দশম শ্ৰেণীৰ প্ৰিটেষ্টত উত্তীৰ্ণ হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলৈ তেওঁলোকে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছিল ৷ কিন্তু নৱম আৰু দশম শ্ৰেণীৰ প্ৰি-টেষ্টত উত্তীৰ্ণ হোৱাৰ পাছতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তেওঁলোকক অনুত্তীৰ্ণ ঘোষণা কৰা হৈছে ৷