অসম

assam

ETV Bharat / state

কলা শাখাত দ্বিতীয় স্থানেৰে জিলিকিল হোজাইৰ চাইমা

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাত হোজাইৰ মৰিয়ম আজমল কলেজৰ পৰা দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় চাইমা আব্দুল আহাদে । মুঠ ৪৭৭ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখলেৰে চাইমাই মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ হোজাই জিলালৈকে কঢ়িয়ালে গৌৰৱ ।

By

Published : Jun 25, 2020, 5:33 PM IST

hs result arts 2nd position hojai
কলা শাখাত দ্বিতীয় স্থানেৰে জিলিকিল হোজাইৰ চাইমা

হোজাই,২৫জুন: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰত দ্বিতীয় স্থান দখলৰে হোজাইৰ মৰিয়ম আজমল কলেজৰ ছাত্ৰী চাইমা আব্দুল আহাদে কলেজৰ লগতে সমগ্ৰ হোজাই জিলালৈকে কঢ়িয়ালে গৌৰৱ ।

কলা শাখাত দ্বিতীয় স্থানেৰে জিলিকিল হোজাইৰ চাইমা

চাইমা আব্দুল আহাদৰ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন ৷ হোজাই নিবাসী আব্দুৰ আহাদ আৰু চাইদা বেগমৰ কন্যা চাইমা ৷ নিজৰ ইচ্ছা অনুসৰি দৈনিক পঢ়া শুনা কৰা চাইমা আব্দুল আহাদে আজৰি সময়ত কিতাপ-আলোচনী আদি পঢ়ি ভাল পায় । পিতৃ-মাতৃ বিদেশত থকাৰ হেতুকে হোজাইৰ খুৰাকৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল চাইমাই ।

কলা শাখাত দ্বিতীয় স্থানেৰে জিলিকিল হোজাইৰ চাইমা

লগতে পঢ়ক :বাণিজ্য শাখাৰ অষ্টম স্থানপ্ৰাপ্ত তৃষ্ণাৰ মন চাটাৰ্ড একাউণ্টটেণ্ট হোৱাৰ

ABOUT THE AUTHOR

...view details