হোজাই,১৭ জুনঃহোজই জিলাত পুনৰ চোৰাং কাঠ ভতি বলেৰ' পিক-আপ ভেন জব্দ । পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাৰ্বি পাহাৰৰ পৰা কাঠসহ জব্দ হয় গাড়ীখন। কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ চোৰাং কাঠ ব্যৱসায়ীয়ে কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাত জব্দ হয় কাঠসহ গাড়ীখন । জব্দকৃত গাড়ীখনৰ নম্বৰ হৈছে এম এল-০৪ডি ০১৩৬। ইয়াৰ সপ্তাহ দিন পূৰ্বেও কাঠসহ বলেৰ' পিক-আপ ভেন এখন জব্দ হৈছিল একেটা অঞ্চলৰে লংটাৰ-থেপি নাম ঠাইডোখৰত। এক গোপন সূত্ৰৰ পম খেদি খেৰণি বন বিভাগে আন এক অভিযান চলায় কাৰ্বিস্কাপ আৰু খাচীস্কাপ অঞ্চলত।
হোজাইত চোৰাং কাঠসহ বলেৰ' পিক-আপ ভেন জব্দ - hojai
হোজাই জিলাত পুনৰ চোৰাং কাঠ জব্দ কৰিলে বন বিভাগে কেইবা ঠাইত অভিয়ান চলাই ।
হোজাইত চোৰাং কাঠ সহ বলেৰ' পিক-আপ ভেন জব্দ
এই অভিযানত কাৰ্বিস্কাপৰ পৰা কাঠসহ এম এল-০৪ডি ০১৩৬ নম্বৰৰ বলেৰ' পিক-আপ ভেন এখন জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু অভিযানৰ খবৰ লাভ কৰি অভিযানকাৰী দল উক্ত স্থান পোৱাৰ পূৰ্বেই গাড়ী এৰি পলায়ন কৰে সেই স্থানৰ পৰা চোৰে। এনেদৰে মেঘালয়লৰ চোৰাং কাঠ ব্যৱসায়ীয়ে কাৰ্বি আংলঙৰ পৰা নিজৰ ৰাজ্যলৈ চোৰাং কাঠ সৰবৰাহ কৰাৰ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে ।
লগতে পঢকঃ জম্মু-কাশ্মীৰৰ নাউগাম চেক্তৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ