হোজাই, 25 জুলাইঃ বিজেপিৰ হাতলৈ হোজাই জিলা পৰিষদ । হোজাই জিলাৰ প্ৰথমখন জিলা পৰিষদ গঠনৰ ছমাহৰ ভিতৰতে ভংগ হ'ল জিলা পৰিষদ । কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা আৰু উপ-সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে অনাস্থা আনি বিজেপিৰ ৬ সদস্যই যোৱা ৩ জুলাইত পৰিষদখনৰ মু্খ্য কাৰ্যবাহী বিষয়া পংকজ ডেকাৰ ওচৰত আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল ৷ বিজেপিৰ উক্ত অনাস্থা প্ৰস্তাৱৰ পাছত বৃহস্পতিবাৰে উপায়ুক্তই পৰিষদখনৰ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীক তেওঁৰ সপক্ষে আস্থা ভোটৰ প্ৰস্তাব আগবঢ়ায় ৷
হোজাই জিলা পৰিষদ বিজেপিৰ হাতলৈ - বিজেপি
কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা আৰু উপ-সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে বিজেপিৰ ৬ সদস্যই আনুষ্ঠানিকভাৱে অনাস্থা ভোটৰ প্ৰস্তাৱ দাখিল কৰিছিল
উপায়ুক্ত তন্ময় প্ৰতিম বৰগোঁহাইৰ উপস্থিতিত জিলা পৰিষদৰ ১২জন সদস্যই অংশগ্ৰহণ কৰি পৰিষদখনৰ সভানেত্ৰী গৰাকীৰ বিপক্ষে ৮ টা ভোট প্ৰদান কৰাত পৰিষদখন ভংগ হোৱাৰ দিশে গতি কৰে । উল্লেখ্য যে, ১২খন আসন যুক্ত হোজাই জিলা পৰিষদখনত ৬ খন বিজেপি, ৫ খন কংগ্ৰেছ আৰু ১ খন আসন এ আই ইউ ডি এফৰ দখলত আছে । কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে অনাস্থাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ দখলত থকা জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানাৰ সপক্ষে ৪ টা ভোটহে প্ৰদান কৰা পৰিলক্ষিত হয় । নিজ দলৰ ৫ গৰাকী সদস্যৰ ভিতৰতে তেওঁ ভোট লাভ নকৰাত বিজেপিয়ে পৰিষদ গঠন কৰাৰ সম্ভাৱনা নিশ্চিত হয় । এই অনাস্থা ভোটৰ পাছতে হোজাই জিলা পৰিষদখন বিজেপিৰ দখললৈ অহাতো সম্পূৰ্ণ নিশ্চিত হৈ পৰে৷
লগতে পঢ়কঃ শোণিতপুৰৰ ৰঙাপৰাত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন