হোজাই,20জুনঃসমগ্ৰ দেশতে ক‘ৰণা মহামাৰীয়ে সন্ত্ৰাস চলোৱা সমান্তৰালকৈ ৰাতি-দিন একাকাৰ কৰি নিজৰ কৰ্তব্য সম্পাদন কৰি আহিছে পুলিচ,চিকিৎসক,সংবাদকৰ্মী তথা জৰুকালীন সেৱাৰ লগত জৰিত লোক সকলে। শনিবাৰে সাংবাদিক পৰিষদ অসম,হোজাই জিলা সমিতিৰ উদ্যোগত লংকা আৰক্ষী, চিকিৎসা কৰ্মী আদি লোকসকলক এখনি মানপত্ৰ আৰু এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।
সাংবাদিক পৰিষদ অসম,হোজাই জিলা সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান - আৰক্ষী,সাংবাদিক,চিকিৎসকক
সাংবাদিক পৰিষদ অসম,হোজাই জিলা সমিতিৰ উদ্যোগত জৰুকালীন সেৱাৰ লগত জৰিত আৰক্ষী,সাংবাদিক,চিকিৎসকক সম্বৰ্ধনা জনাই শনিবাৰে।
সাংবাদিক পৰিষদ অসম,হোজাই জিলা সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান
ইফালে শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসম ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হোৱা আংকিতা দে ৰ উজ্জল ভবিষ্যত কামনাৰে মানপত্ৰৰ লগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক পৰিষদ অসম,হোজাই জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়াৰ লগতে উপস্থিত থাকে হোজাই জিলা সমিতিৰ সভাপতি শ্ৰী ভূপিন্দৰ সিং,সম্পাদক শ্ৰী কমল বেজবৰুৱা আৰু উপদেষ্টা শ্ৰী কৰমজীৎ সিং।