হোজাই, 25 জানুৱাৰীঃ ৰেল’ৰ খুন্দাত পুনৰ মৃত্যু বনৰীয়া হাতীৰ ৷ শুকুৰবাৰে নিশা লামডিং আৰু লামচাখং ৰেল’ৱে ষ্টেচনৰ মাজভাগত ৰেল’ৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি লয় এটা বনৰীয়া হাতীয়ে ৷ উল্লেখ্য যে নামনিমুৱা আগৰতলা-হাওৰা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেল’ৰ খুন্দাত এজনী মাইকী হাতী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এটা পোৱালী হাতী ৷ ঘটনাৰ কিছুমুহূৰ্তৰ পিচতে লামডিং ৰেল’ৱেৰ উচ্চ পদস্থ বিষয়াসহ বন-বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোক উদ্ধাৰ কৰাৰ লগতে আহত পোৱালী হাতীটোক লামডিঙলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
মৃত্যুদূতলৈ পৰিণত ৰেলপথঃ পুনৰ প্ৰাণ কাঢ়িলে বনৰীয়া হাতীৰ - লামডিং ৰেল বিভাগ
নামনিমুৱা আগৰতলা-হাওৰা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেল’ৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি লয় এজনী মাইকী হাতীয়ে ৷ আনহাতে গুৰুতৰভাৱে আহত হয় এটা হাতী পোৱালী ৷

মৃত্যুদূতলৈ পৰিণত ৰেলপথঃ পুনৰ প্ৰাণ কাঢ়িলে বনৰীয়া হাতীৰ
মৃত্যুদূতলৈ পৰিণত ৰেলপথঃ পুনৰ প্ৰাণ কাঢ়িলে বনৰীয়া হাতীৰ
উল্লেখ্য যে পূৰ্বেতেও লামডিং আৰু লামচাখং ৰেল’ৱে ষ্টেচনৰ মাজত ৰেল’ৰ খুন্দাত কেইবাটাও বনৰীয়া হাতী নিহত হৈছে ৷ আনহাতে ৰেল’ৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু ৰোধ কৰাৰ বাবে লামডিং ৰেল বিভাগ তথা বন বিভাগে বহুতো সময়ত বৈঠকত মিলিত হৈছিল যদিও বাস্তৱত ৰেল বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে এই দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত ৷
আৰু পঢ়কঃহাউলীত চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত দুই