হোজাই,20 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ ইয়াৰ মাজতে দেওবাৰে হোজাই জিলা লংকাত পুনৰ বনৰীয়া হাতীয়ে প্ৰাণ লয় এগৰাকী মহিলাৰ ৷ নিহত মহিলাগৰাকী মথুৰাবিল অঞ্চলৰ মিনা কুৰ্মী বুলি চিনাক্ত কৰা হৈছে ৷
হোজাইত বন্যহস্তীৰ আক্ৰমণত নিহত এজন - হোজাইত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
হোজাইৰ লংকাত পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা ৷ মহিলাগৰাকী মথুৰাবিল অঞ্চলৰ মিনা কুৰ্মী বুলি চিনাক্ত কৰা হৈছে ৷
![হোজাইত বন্যহস্তীৰ আক্ৰমণত নিহত এজন as_hojai_wild-elephant-attack_img_10015](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9946480-thumbnail-3x2-h.jpg)
হোজাইত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
লামডিং বনাঞ্চলৰ মাজেৰে লংমাইলু অঞ্চললৈ গৈ থকা অৱস্থাতে হাতীৰ আক্ৰমণ বলি হয় মহিলাগৰাকী । ঘটনাস্থলীত লংকা আঞ্চলিক বনবিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷ ডেৰ মাহৰ ভিতৰত জিলাখনত হাতীৰ আক্ৰমণত নিহত হোৱা এইটো চতুৰ্থটো ঘটনা ৷
লগতে পঢ়ক-পথ নিৰ্মাণকাৰী মহিলা শ্ৰমিকক শাৰিৰীকভাৱে প্ৰহাৰ শিক্ষকৰ