অসম

assam

ETV Bharat / state

হোজাইত জন্ম মাৰমিড আকৃতিৰ শিশু - চিকিৎসালয়খন

লংকাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সোনাপুৰৰ ঝৰ্ণা চন্দ্ৰা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ জন্ম হ'ল এটি মাৰমিড আকৃতিৰ শিশু, গৰ্ভ অৱস্থাতে শিশুটিৰ অৱস্থিতি চিকিৎসকে গম পাই অষ্ট্ৰোপ্ৰচাৰৰ জৰিয়তে প্ৰসৱ কৰে শিশুটিক

হোজাইত জন্ম মাৰমিড আকৃতিৰ শিশু

By

Published : Jun 7, 2019, 5:14 PM IST

হোজাই,৭জুন : হোজাইত সংঘটিত এক বিৰল ঘটনা । হোজাই জিলাৰ লংকাত এগৰাকী মাতৃৰ দ্বাৰা প্ৰসৱ হ'ল এক অদ্ভুত শিশু ।

হোজাইত জন্ম মাৰমিড আকৃতিৰ শিশু


ঘটনা অনুসৰি, শুকুৰবাৰে সোনাপুৰৰ ঝৰ্ণা চন্দ্ৰা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ গৰ্ভ পৰীক্ষাত চিকিৎসকে এক অদ্ভুত ধৰণৰ শিশুৰ অৱস্থিতি গম পাই । চিকিৎসকে এই শিশুটিৰ অৱস্থিতি গম পোৱাৰ লগে-লগে লংকাস্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অষ্ট্ৰোপ্ৰচাৰৰ ব্যৱস্থা কৰা হয় । অষ্ট্ৰোপ্ৰচাৰৰ জৰিয়তে মাতৃগৰাকীৰ গৰ্ভৰ পৰা মৃত মাৰমিড সদৃশ শিশুটি প্ৰসৱ কৰা হয় । ইফালে, চিকিৎসালয়খনত এই অদ্ভুত শিশুটি জন্ম হোৱাৰ পাছতেই চিকিৎসালয়খনত আৰম্ভ হয় এক কৌতুহলৰ । শিশুটিক চাবলৈ ভীৰ কৰেহি অগণন জনতাই । চিকিৎসকেও বিশ্বত এনে ধৰণৰ মৎস্য আকৃতিৰ মাৰমিড শিশু প্ৰসৱ হোৱাটো এক বিৰল ঘটনা বুলিয়ে প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

...view details