হোজাই,30 জুলাইঃ বুধবাৰে নিশা হোজাই জিলাৰ 2 নং কাকীত ATM ভাঙি চোৰে চলালে লুট-পাট । UBI বেংকৰ এটা ATM ত দুৰ্বৃত্তই চলায় এই লুট-পাট। ইপিনে দুৰ্বৃত্তৰ দলটোৱে এ টি এম ভাঙি টকা লুটপাট কৰি ATM ত অগ্নিসংযোগৰ কৰি ঘটনাস্থলীৰ পৰা নিৰাপদে আঁতৰি যায় । আনহাতে কিমান টকা দুৰ্বৃত্তৰ দলটোৱে লুটি নিয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷
প্ৰথমে ধন লুটি ATM ত অগ্নিসংযোগ দুৰ্বৃত্তৰ - অগ্নি সংযোগ কৰিলে ATM ত
হোজাইত UBI বেংকৰ ATM ত চুৰৰ লুটপাট ৷ চুৰি কাণ্ড সংঘটিত কৰি অগ্নি সংযোগ কৰিলে ATM ত ৷ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷
হোজাইৰ কাকীত ATM ভাঙি চুৰে চলালে লুটপাত
উল্লেখযোগ্য যে, বৰ্তমানলৈকে ঘটনাস্থলীত বেংক কৰ্তৃপক্ষৰ কোনো লোক উপস্থিত হোৱা নাই ৷ পুৱা প্ৰাতঃভ্ৰমনলৈ যোৱা স্থানীয় লোকে ATM ৰ চাটাৰৰ তলা ভাঙা অৱস্থাত দেখা পাই খবৰ দিয়ে আৰক্ষীক । বৰ্তমান কাকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ যৌতুক বিচাৰি নিৰ্যাতন দুই সন্তানৰ মাতৃক