হোজাই, 28 ছেপ্টেম্বৰঃ পুনৰ অসম আৰক্ষীৰ খাকী পোচাকত চেকা । হোজাইত উৎকোচ লৈ নিলম্বিত হ'ল অসম আৰক্ষীৰ দুজন জোৱান । হোজাই শংকৰদেৱ নগৰ আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত জোৱান অতুল বনিয়া আৰু উদালি পহৰা চকীত নিয়োজিত হৈ থকা জোৱান আফজল হুছেইনে পৃথকে পৃথকে পাৰপত্ৰ নিৰীক্ষণৰ নামত আবেদন কাৰীৰ পৰা লৈছিল উৎকোচ। সেই উৎকোচ লোৱাৰ দৃশ্য গোপনে আবেদনকাৰীজনে কেমেৰাৰে বন্দী কৰাৰ পাচত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷
হোজাইত উৎকোচ লৈ নিলম্বিত অসম আৰক্ষীৰ দুজন জোৱান - হোজাইত উৎকোচ লৈ নিলম্বিত অসম আৰক্ষীৰ দুজন জোৱান
অসম আৰক্ষীত এটাৰ পাছত আন এটা নিৰ্লজ্জ কাণ্ড সংঘটিত হোৱাৰ পাছতে শেহতীয়াকৈ হোজাই আৰক্ষীৰ ধন সংগ্ৰহৰ এটি ভিডিঅ' সামাজিক মাধ্যম ফেচবুকত ভাইৰেল হৈ যোৱাৰ পিচত ব্যপক প্ৰচাৰ লাভ কৰিছে । যাৰ বাবে হোজাই আৰক্ষী অধীক্ষক অংকুৰ জৈনে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তাৎক্ষণিক ভাবে বলৱৎ হোৱাকৈ দুয়োজন জোৱানকে নিলম্বন কৰে ৷

হোজাইত উৎকোচ লৈ নিলম্বিত অসম আৰক্ষীৰ দুজন জোৱান
হোজাইত উৎকোচ লৈ নিলম্বিত অসম আৰক্ষীৰ দুজন জোৱান
যাৰ পিছতে হোজাই আৰক্ষী অধীক্ষক অংকুৰ জৈনে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ দুয়োজন জোৱানকে নিলম্বন কৰে ৷ লগতে তেওঁ হোজাইৰ প্ৰত্যেকখন আৰক্ষী থানাতে "কম্প্লেইন বক্স"ৰ ব্যৱস্থা কৰা হ'ব বুলি জনায় ৷ যাৰ দ্বাৰা সকলো লোকেই নিজৰ আপত্তিসমূহ লিখিত ৰূপত আৰক্ষী অধীক্ষকক জনাব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।
হোজাই আৰক্ষীৰ ধন সংগ্ৰহৰ ভাইৰেল ভিডিঅ''টো