অসম

assam

ETV Bharat / state

হোজাইত চুৰি কৰিবলৈ আহি চোৰে খুলি নিলে চি চি টিভি

আৰক্ষীৰ মৌন ভূমিকাৰ সুযোগ গ্ৰহণ কৰি বৃদ্ধি পাইছে চুৰিৰ সংখ্যা । সাৰি যোৱা নাই মাদ্ৰাছাও ।

হোজাইত চুৰি কৰিবলৈ আহি চোৰে খুলি নিলে চি চি টিভি

By

Published : Jul 15, 2019, 11:48 AM IST

হোজাই, ১৫ জুলাইঃ হোজাইত বৃদ্ধি পাইছে চোৰৰ প্ৰকোপ । দেওবাৰে নিশা হোজাইৰ বৰবহাত এখন হোটেল আৰু এখন মাদ্ৰাছাৰ বাকচ ভাঙি লুট-পাত চলায় চোৰৰ এটা দলে । বৰবহাৰ মাজ মজিয়াত অৱস্থিত ৰাধা কৃষ্ণা চুইট হোটেলখনৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ৮০ হাজাৰ টকা । পিছফালৰ দৰ্জাৰ হুক ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল চোৰৰ দলটোৱে । মিন্টু ৰায় নামৰ গৰাকীজনৰ হোটেলখনৰ টকাৰ বাকচ ভাঙি ৮০ হাজাৰ টকা লৈ যায় চোৰৰ দলটোৱে । হোটেলখনত চাৰিটাকৈ চিচি টিভি কেমেৰা থকাৰ কথা গম পাই চিচি টিভিৰ ডিভাইচ কাটি লৈ যায় চোৰৰ দলটোৱে । আনফালে বৰবহা বজাৰত অৱস্থিত ৮২ নম্বৰৰ জয়নগৰ মাদ্ৰাছাৰ বাকচত লুট পাট চলায় চোৰৰ দলটোৱে। বিগত কিছুদিনৰ পৰা চোৰৰ এনে দপদপনিয়ে নিদ্ৰাহৰণ কৰিছে স্থানীয় ৰাইজৰ । সঘনাই হ’ব ধৰা এনে চুৰি কাৰ্য্যই এতিয়া চিন্তিত কৰি তুলিছে বৰবহাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ মালিক সকলক । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

হোজাইত চুৰি কৰিবলৈ আহি চোৰে খুলি নিলে চি চি টিভি

ABOUT THE AUTHOR

...view details