অসম

assam

ETV Bharat / state

হোজাইত ডিজেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, তেল নিবলৈ ৰাইজৰ হেতা-ওপৰা

শুকুৰবাৰে নিশা হোজাইৰ ডবকাৰ হালধিআটীত ডিজেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালক হেণ্ডিমেনে ৷

By

Published : May 3, 2019, 11:37 PM IST

হোজাইত ডিজেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, তেল নিবলৈ ৰাইজৰ হেতা-ওপৰা

হোজাই,3মে': হোজাইৰ ডবকাৰ হালধিআটীত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত ডিজেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ ডবকাৰ শালবাগানত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গছত খুন্দিয়াই পথতে বাগৰি পৰে MN01- 8955 নম্বৰৰ টেংকাৰখন ৷ ইপিনে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ পৰা তেল নিবলৈ হেতা-ওপৰা লাগে ৰাইজৰ ৷ যিকোনো মূহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়ানক ঘটনা ৷ ঘটনাস্থলীত ডবকা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই তেল নিবলৈ অহা ৰাইজক ৷ উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা চালক হেণ্ডিমেনে পলায়ন কৰে৷

হোজাইত ডিজেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, তেল নিবলৈ ৰাইজৰ হেতা-ওপৰা

ABOUT THE AUTHOR

...view details