হোজাই,1 আগষ্টঃ হোজাই জিলাৰ লংকাৰ উদালীৰ যুৱক স্বাহীদ আহমেদ দান কৰিলে প্লাজমা। উল্লেখযোগ্য যে, বিগত জুন মাহতে মুম্বাইৰ পৰা যুৱকজন আহিছিল অসমলৈ। গুৱাহাটীত উপস্থিত হৈ যুৱক জনে ক’ভিড-19ৰ টেষ্ট কৰাত পজিটিভ ধৰা পৰে আৰু চৰকাৰী নীতি-নিয়ম অনুসৰি যুৱকজনক গুৱাহাটীৰ সৰুসজাই আৰু গুৱাহাটী মেডিকেল কলেজত চিকিৎসাৰ বাবে ৰখা হৈছিল ।
লংকাৰ উদালীৰ স্বাহীদ আহমেদে স্ব-ইচ্ছাৰে দান কৰিলে প্লাজমা - মুম্বাইৰ পৰা যুৱকজন আহিছিল অসমলৈ।
হোজাই জিলা প্ৰশাসনৰ পৰা প্লাজমা দান কৰিব নেকি স্বাহীদক সোধাত ৩০ জুলাই তাৰিখে যুৱক জনে নিজে স্ব-ইচ্ছাৰে গুৱাহাটীৰ মেডিকেল কলেজত গৈ দান কৰে প্লাজমা ৷

লংকাৰ উদালীৰ স্বাহীদ আহমেদে স্ব-ইচ্ছাৰে দান কৰিলে প্লাজমা
লংকাৰ উদালীৰ স্বাহীদ আহমেদে স্ব-ইচ্ছাৰে দান কৰিলে প্লাজমা
পুনৰ যুৱকজনৰ ক’ভিড টেষ্ট কৰাত নিগেটিভ অহাত ঘৰলৈ হ’ম কোৱাৰেণ্টাইনত থাকিবৰ বাবে পঠাই দিয়া হৈছিল । ইপিনে ২৭ জুলাইত হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা প্লাজমা দান কৰিব নেকি স্বাহীদক সোধাত ৩০ জুলাই তাৰিখে যুৱকজনে নিজে স্ব-ইচ্ছাৰে গুৱাহাটীৰ মেডিকেল কলেজত গৈ দান কৰে প্লাজমা। সম্প্ৰতি প্লাজমা দান কৰি আনন্দিত লংকাৰ উদালী গাঁৱৰ যুৱক স্বাহীদ আহমেদ ।
লগতে পঢ়কঃ ধোনীৰ CSLয়ে ইউ এ ইত বিচাৰিলে আইপিএলৰ বাবে শিবিৰ