অসম

assam

By

Published : Dec 23, 2019, 4:34 PM IST

ETV Bharat / state

লংকাত অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

এগৰাকী অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ লংকাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ 13 ডিচেম্বৰৰ নিশা পাৰিবাৰিক কন্দলৰ বাবে স্বামীয়ে পত্নীক জ্বলাই দিয়াৰ সন্দেহ পত্নীৰ পৰিয়ালৰ । 9 দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে মামণি সোমে ৷

Hojai Suspected Murder.
লংকাত অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

হোজাই, 23 ডিচেম্বৰ :লংকাত এগৰাকী অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । 13 ডিচেম্বৰৰ নিশা পাৰিবাৰিক কন্দলৰ বাবে স্বামীয়ে পত্নীক জ্বলাই দিয়াৰ সন্দেহ পত্নীৰ পৰিয়ালৰ লোকৰ । 9 দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুক আঁকোৱালি ল'লে মামণি সোমে ৷ এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ মামণিৰ পৰিয়ালৰ । উল্লেখ্য যে, পত্নীক বিবাহৰ পাছৰে পৰা শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী সঞ্জিত সোমে ৷ গাত কেৰাচিন ঢালি মামণিক হত্যা কৰিছে বুলি অভিযোগ পৰিয়ালৰ লোকৰ ।

13 ডিচেম্বৰৰ নিশা অগ্নিদগ্ধ হোৱা মামণিৰ পৰিয়ালক অৱগত নকৰাকৈয়ে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিছিল । পৰবৰ্তী সময়ত স্থানীয় লোকৰ পৰা জ্ঞাত হৈ মামণিৰ পৰিয়ালৰ লোক চিকিৎসালয়ত উপস্থিত হৈছিল । মামণি সোমৰ পৰিয়ালৰ লোকে স্বামী সঞ্জিতৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰে ।

লংকাত অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

আৰু পঢ়ক :এবছৰীয়া কন্যা সন্তানক লৈ চলন্ত ৰে'লৰ আগত জঁপিয়াই মাতৃৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details