অসম

assam

ETV Bharat / state

হোজাইত সন্ধানহীন কন্যাক বিচাৰি দিশহাৰা পিতৃ

২৯ জুনত হোজাইৰ লংকাৰ দক্ষিণ লস্কৰপথাৰত কলেজৰ পৰা ঘৰলৈ আহি থকাৰ পথত সন্ধানহীন হৈছিল আব্দুল হামিদৰ কন্যা আপৰুজা বেগম ৷ যাৰ বাবে চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ ৷ আনহাতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুজন যুৱকে এখন গাড়ীত উঠাই লৈ গৈছিল ছাত্ৰী গৰাকীক ৷

হোজাইত সন্ধানহীন কন্যাক বিচাৰি দিশহাৰা পিতৃ

By

Published : Jul 17, 2019, 1:47 PM IST

হোজাই, 17 জুলাইঃ দিশহাৰা এগৰাকী দুৰ্ভগীয়া পিতৃ । 18 দিন অতিক্ৰমৰ পাচতো সন্ধান নাপালে অপহৃত কন্যাৰ । আৰক্ষীৰ সহাঁৰি নাপায় সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃ । উল্লেখ্য যে, ২৯ জুনত হোজাইৰ লংকাৰ দক্ষিণ লস্কৰপথাৰত কলেজৰ পৰা ঘৰলৈ আহি থকাৰ পথত সন্ধানহীন হৈছিল আব্দুল হামিদৰ কন্যা আপৰুজা বেগম ৷ যাৰ বাবে চিন্তিত হৈ পৰে পৰিয়াল বৰ্গ ৷ আনহাতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুজন যুৱকে এখন গাড়ীত উঠাই লৈ গৈছিল ছাত্ৰী গৰাকীক ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰিয়ে ছাত্ৰী গৰাকীৰ পৰিয়ালে দুই যুৱক ক্ৰমে ৰিবুল হুছেইন আৰু আবুল হুছেইনৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত বিগত 3 জুলাইত অপহৰণ সংক্ৰান্তত গোচৰ ৰুজু কৰে ৷ 299/19 নম্বৰত ভাৰতীয়‌দণ্ড বিধি আইনৰ 363/506 ধাৰাত গোচৰ ৰুজু কৰে যদিও আৰক্ষী বিষয়া বদলি কৰাত গোচৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে ৷ ইয়াৰ পাচতো দুৰ্ভগীয়া ব্যক্তি জনে শীৰ্ষ আৰক্ষী বিষয়াক অপহৰণ সংক্ৰান্তত অৱগত কৰাইছে যদিও বৰ্তমান পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । যাৰ বাবে ঘটনাৰ ১৮ টা দিন অতিক্ৰম কৰাৰ পাচত উপায়ন্তৰ হৈ ন্যায়ৰ আশাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃগৰাকী ৷

হোজাইত সন্ধানহীন কন্যাক বিচাৰি দিশহাৰা পিতৃ

ABOUT THE AUTHOR

...view details