অসম

assam

ETV Bharat / state

হোজাইত চাঞ্চল্যকৰ ঘটনা: দা-লাঠিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন

হোজাইৰ ডিমৰুপাৰত দা-লাঠিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত শ্বহীদ আহমেদ নামৰ এজন লোক ৷ বৰ্তমান গুৱাহাটীস্থিত জিএমচিএইচত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজন ৷ আক্ৰমণকাৰীৰ ওপৰত শ্বহীদ আহমেদৰ পত্নীয়ে দাখিল কৰিছে এজাহাৰ ৷

By

Published : May 24, 2021, 3:22 PM IST

হোজাইত চাঞ্চল্যকৰ ঘটনা:দা লাঠিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন
হোজাইত চাঞ্চল্যকৰ ঘটনা:দা লাঠিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন

হোজাই,24মে': হোজাইৰ উত্তৰ ডিমৰুপাৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা । দা-লাঠিৰে আক্ৰমণ চলাই এজনক হত্যাৰ চেষ্টা ৷ দেওবাৰে নিশা ৯ বজাত মোৰাঝাৰৰ উত্তৰ ডিমৰুপাৰ গাঁৱত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো ।

হোজাইত চাঞ্চল্যকৰ ঘটনা: দা-লাঠিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন

ঘটনাৰ বিৱৰণী অনুসৰি, শ্বহীদ আহমেদ নামৰ এজন লোকৰ ওপৰত তাৰকাটা গাঁৱৰ এদল লোকে চলাইছিল উপৰ্যুপৰি আক্ৰমণ । আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল শ্বহীদ আহমেদ ৷ সংকটজনক অৱস্থাত লোকজনক প্ৰেৰণ কৰা হৈছিল গুৱাহাটী GMCH লৈ ৷ বৰ্তমান জিএমচিএইচত জীৱন মৃত্যুৰে যুঁজিছে দা-লাঠিৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শ্বহীদ আহমেদে ৷

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাচতে উত্তৰ ডিমৰুপাৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ ডিমৰুপাৰৰ ৰাইজে । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত শ্বহীদ আহমেদৰ পত্নী ৰাবিয়া বেগমে মোৰাঝাৰ আৰক্ষী থানাত কাচিম আলি, এনাম উদ্দিন, মাছুক আহমেদ আৰু আব্দুল হান্নানৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷ ডিমৰুপাৰবাসী ৰাইজৰ অভিযোগ অনুসৰি, তাৰকাটা গাঁৱৰ আক্ৰমণকাৰীৰ দলটোৱে উত্তৰ ডিমৰুপাৰ গাঁৱৰ আত্মীয়ৰ বাসগৃহত বাহৰ পাতি আছে ৷ আক্ৰমণকাৰী দলটোৱে নিজকে ৰক্ষা কৰিবলৈ শ্বহীদ আহমেদৰ পৰিয়ালক ধমক দিয়াৰো এক অভিযোগ উত্থাপন হৈছে ৷

আৰক্ষীয়ে অপৰাধীক ৰক্ষনাবেক্ষণ দিয়া বুলি পৰিয়ালৰ লোকৰ লগতে স্থানীয় গাঁৱৰ ৰাইজে অভিযোগ উত্থাপন কৰে ৷ এই সন্দৰ্ভত উত্তৰ ডিমৰুপাৰ গাঁৱত স্থানীয় ৰাইজে ন্যায় বিচাৰি আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হোজাই জিলা আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰো হস্থক্ষেপ কামনা কৰে ৷

আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উক্ত স্থানৰ পৰা মোৰাঝাৰ আৰক্ষীয়ে এখন নেন' গাড়ী আৰু তিনিখনকৈ মটৰ চাইকল উদ্ধাৰ কৰে ৷

অন্য এক খবৰৰ বাবে: মঙলদৈত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details